“প্ৰাণৰ মমতাত খোজ কাঢ়িছোঁ, মাজে মাজে দৌৰিছোঁ”-যুদ্ধৰ বিভীষিকাৰ শিহৰণকাৰী বৰ্ণনা ডিব্ৰুগড়ৰ ছাত্ৰ দৰ্শনৰ
প্ৰাণৰ মমতাত গোলাবৰ্ষণৰ মাজেৰে দৌৰিছিল...
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ “প্ৰাণৰ মমতাত খোজ কাঢ়িছো, মাজে মাজে দৌৰিছোঁ। কিমান খোজ কাঢ়িছিলো নাজানো। প্ৰায় দেৰ-দুইঘন্টা খোজ কাঢ়িছিলোঁ। শৰীৰ অৱশ হৈ পৰিছিল। মুঠৰ ওপৰত জীৱনটো বাছিব লাগে। আশে-পাশে ৰাছিয়ান সৈন্যৰ গুলাবৰ্ষণ। এনেকৈয়ে বহু কষ্টৰে এখন ৰেলত উঠি উক্ৰেইনৰ সীমান্ত হাংগেৰী পালোহি।”-এনেদৰেই বৰ্ণনা কৰি গ’ল যুদ্ধ ক্ষেত্ৰৰ পৰা কোনোমতে প্ৰাণ লৈ নিজ গৃহভূমি ডিব্ৰুগড়ত উপস্থিত হোৱা তথা ডিব্ৰুগড়ৰ লাহোৱাল স্বাস্থ্য খণ্ডৰ মহকুমা চিকিৎসা বিষয়া ডাঃ মুনীন্দ্ৰ নাথ পাঠক আৰু অসম মেডিকেল কলেজৰ চিকিৎসক ডাঃ দীপালী হাজৰীকা পাঠকৰ একমাত্ৰ সন্তান দৰ্শন পাঠকে।
আজি ডিব্ৰুগড়ৰ তিনিকুনীয়াৰ নিজ বাসগৃহত ‘নিয়মীয়া বাৰ্তা’ক যুদ্ধৰ বিভীষিকাৰ সন্দৰ্ভত বৰ্ণনা কৰি কয় যে ইউক্ৰেইনৰ পশ্চিম প্ৰান্তত থকা উঝৰড ৰাষ্ট্ৰীয় চিকিৎসা বিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ তৃতীয় ষান্মাসিকত অধ্যয়ন কৰি থকা অৱস্থাত যোৱা ২৪ ফেব্ৰুৱাৰীত ভাৰতলৈ আহিবৰ বাবে কিভৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ আহিছিল। বিমান বন্দৰত প্ৰৱেশ কৰাৰ পাছতেই বিমান বন্দৰৰ কিছু দূৰৈত ধাৰাবাহিক মিচাইলৰ বৰ্ষণ হয় আৰু তাৰ পাছতে বিমান বন্দৰৰ নিলগতে ভয়ানক বোমা বিস্ফোৰণ হোৱাত সকলো বিমানৰ উৰণ বন্ধ কৰি বন্দৰ ভিতৰত প্ৰৱেশও বন্ধ কৰি সকলোকে সেই স্থান ত্যাগ কৰাৰ নিৰ্দেশ জাৰি কৰে। ইয়াৰ পাছতে অলপো পলম নকৰি আমি এটা হোষ্টেল বুক কৰো।হোষ্টেলৰ মালিকে যিমান পাৰে আমাক সহায় কৰিছিল। পাছত অলপো পলম নকৰি নিজৰ শিক্ষানুষ্ঠানলৈ অগ্ৰহৰ হওঁ। নিজ দেশলৈ যাবৰ বাবে ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ত যোগাযোগ কৰিও বিশেষ সুফল নোপোৱা বুলি ছাত্ৰ দৰ্শন পাঠকে অৱগত কৰে।অসমৰ হোৱা বাবে সৰুৰে পৰা ভাত খোৱা অভ্যাস। কিন্তু এটা আংকল চিপচ্ খাই দুটা দিন পাৰ কৰাৰ পাছত এটা ব্যক্তিগত পেয়িং আবাসগৃহত থকা ব্যৱস্থা কৰিছিল যদিও প্ৰায় ২০০ গ্ৰাম চাউল ৭ জন ছাত্ৰৰ সৈতে ভগাই খাবলৈ দিয়া বুলি কৈ মাইনাচ ৪ ডিগ্ৰী চেলছিয়াছ লৈকে শীত নামিছিল।
ভাৰতীয় ৰাষ্ট্ৰদূতৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰি বিশেষ যোগাত্মক সহাৰি লাভ নকৰা বুলি দোহাৰি কেবল এখন যোগা কৰা মেট দি শুবলৈ ব্যৱস্থা কৰা বুলি সদৰী কৰে।ক্ৰমান্বয়ে পৰিস্থিতি জটিল হৈ পৰাৰ লগতে সকলো যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাত কেইজনমান অসমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ভাৰতীয়সকলে ৰেল ষ্টেচনলৈ খোজৰে যোৱাৰ ঠিৰাং কৰোঁ।নাজানো ৰেল ষ্টেচন কিমান দূৰৈত আছিল।পথত লগ পোৱা স্থানীয় লোকক সোধা-পোচা কৰি ৰেল ষ্টেচনলৈ খোজ কাৰিছো,দৌৰিছো।তেতিয়াও আশে-পাশে সৈন্যৰ ধাৰাবাহিক গুলাৱৰ্ষণ। এনেদৰে হয়তো ভোকে-পিয়াহে প্ৰায় ৩০ কিঃমিঃ পথ খোজ কাঢ়িছিলো। অৱশেষত ৰেল ষ্টেচনত লক্ষ-লক্ষ জনতাৰ মাজত উপস্থিত হোৱাত এক বিৰাট সমস্যাই দেখা দিছিল।ৰেলত কেৱল মহিলা আৰু শিশুসকলক প্ৰৱেশ কৰিবলৈহে দিয়া হৈছিল। লাখ-লাখ জনতাৰ মাজত যেন মই হেৰাই যাৱ ধৰিছিলোঁ।ঘৰৰ পৰাও মা-দেউতাৰ অহৰহ ফোন।বেছি সময় কথা পতা নাছিলো। কাৰণ মবাইলত চাৰ্জ কমি আহিছিল আৰু মবাইলত চাৰ্জ কমি যোৱা মানেই সকলো যোগাযোগ শেষ। ইয়াৰ মাজতে কৌশলৰে ৰেলত প্ৰৱেশ কৰিছিলো। ৰেলখন গৈ ইউক্ৰেইনৰ সীমান্তবৰ্তী অঞ্চলত ৰৈ গৈছিল।তেতিয়া আকাশত যুদ্ধ বিমানৰ তৰ্জন-গৰ্জন। কলা ধোৱা, গুলি-বাৰুদৰ শব্দ। সঘনাই চাইৰেণ।
অৱশেষত হাংগেৰীৰ সীমান্তত প্ৰায় ১৮ ঘণ্টা অতিবাহিত কৰি বৌদাপেষ্ট বিমানবন্দৰত উপস্থিত হয় ছাত্ৰ দৰ্শনৰ সৈতে লগৰীয়া। ভাৰতৰ পৰা যোৱা ইণ্ডিগ’ বিমানেৰে নিজ দেশলৈ উভতাৰ পাছতহে দেহলৈ প্ৰাণ উভতি আহে যদিও বিমানবন্দৰ সমূহ অতিকৈ স্পৰ্শকাতৰ বুলি উল্লেখ কৰে।অৱশেষত নতুন দিল্লীত উপস্থিত হৈ আৰু শুক্ৰবাৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতহে স্বস্তিৰ নিশ্বাস পেলাই ছাত্ৰ গৰাকীয়ে।বৰ্তমানে খাৰকীভ আৰু ছুমীৰ বিভিন্ন বাংকাৰৰ ভিতৰত আবদ্ধ হৈ থকা ভাৰতৰ ছাত্র-ছাত্ৰীসকলক শীঘ্ৰে উদ্ধাৰ কৰি আনিবলৈ আহ্বান ছাত্ৰ দৰ্শনে। কালি ডিব্ৰুগড়ৰ তিনিকুনীয়াৰ দৰ্শনৰ লগতে ৰিয়া শৰ্মা ঠাকুৰ(চিৰিং চাপৰি), চিন্ময় শৰ্মা(চৌকিডিঙী), জাভেদ আহমেদ(মিৰ্জাবাগ) আৰু আনচুল ভাটীয়া(মৰাণ) যুদ্ধ বিধস্ত ইউক্ৰেইনৰ পৰা স্বগৃহত সুকলমে উপস্থিত হোৱাত অভিভাৱকে স্বস্তিৰ নি:স্বাস পেলাইছে।
প্ৰেৰকঃ ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা