নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ “বিশ্ববিদ্যালয় সপ্তাহ-২০২২”

 

নিয়মীয়া বার্তা, ৮ মাৰ্চ:- হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰল “বিশ্ববিদ্যালয় সপ্তাহ- ২০২২” আজিৰে পৰা আৰম্ভ হৈছে। অহা ১৪ মাৰ্চলৈকে তৰ্ক, সাহিত্য আৰু সুকুমাৰ কলা, সাংস্কৃতিক আৰু ক্ৰীড়া বিভাগৰ অধীনত শতাধিক প্ৰতিযোগিতাৰে ৰূপায়ণ হ’ব এই বৰ্ষৰ বিশ্ববিদ্যালয় সপ্তাহ। আজি ছাত্ৰ একতা সভাৰ সভাপতি বিক্ৰম লামা আৰু সম্পাদক ৰোহন দেৰ তত্ত্বাৱধানত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ অমলেন্দু চক্ৰৱৰ্তী, কাৰ্যকৰী পঞ্জীয়ক তিলক চন্দ্ৰ কলিতা, শৈক্ষিক পঞ্জীয়ক অমৰ গৌতম, প্ৰাক্তন কাৰ্যকৰী পঞ্জীয়ক লক্ষণ পাটগিৰি আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল। কাৰাটে খেলত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক দখলেৰে সুনাম অৰ্জন কৰা হোজাইৰ সু-সন্তান ৰাজদ্বীপ ভৌমিকৰ অলিম্পিক শিখা প্ৰজ্বলনেৰে শুভাৰম্ভ হয় আজিৰ উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানৰ পিছতেই সাংস্কৃতিক সম্পাদক লেলিন ধৰৰ তত্ত্বাৱধানত আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা। সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা উদ্বোধন কৰে হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁইয়ে। “আজাদী কা অমৃত মহোৎসৱ”ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ ষোল্লটা বিভাগ আৰু একমাত্ৰ ছাত্ৰী নিবাসৰ ছাত্ৰীসকলে ।বিয়লি ঘোষণা কৰা ফলাফল অনুসৰি শোভাযাত্ৰা প্ৰতিযোগিতাত অসমীয়া বিভাগে প্ৰথম স্থান, ইংৰাজী বিভাগে দ্বিতীয় স্থান, ৰসায়ন বিজ্ঞান বিভাগ আৰু মণিপুৰী বিভাগে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। ইতিহাস বিভাগ, ৰাজনৈতিক বিজ্ঞান বিভাগ আৰু প্ৰাণীবিজ্ঞান বিভাগক উদগনিমূলক বঁটা প্ৰদান কৰা হয়। প্ৰথম স্থান লাভ কৰা অসমীয়া বিভাগে বৃটিছৰ বিৰুদ্ধে অসমৰ কৃষক জাগৰণক বিষয়বস্তু হিচাপে লৈ সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত অংশ লৈছিল। দলটোৰ তত্ত্বাৱধানত আছিল বিভাগীয় শিক্ষক বীণা শইকীয়া, দেৱৰাজ মিলি, মনীষা শইকীয়া, ডঃ মল্লিকা ডেকা, দিশা দেৱী, মৃণালিনী বৰদলৈ, সনাতন মাৰাক, জুপিতৰা ভূঞা আৰু ইয়াৰ নেতৃত্বত আছিল অংকুৰজ্যোতি বৰা। ১৪ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া মূল সভাত অতিথি হিচাপে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা প্ৰফেছৰ ননীগোপাল মহন্ত, সাংবাদিক নিতুমণি শইকীয়া, কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু বহুগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি ছাত্ৰ একতা সভাৰ সাহিত্য আৰু আলোচনী বিভাগে জনাইছে।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like