নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“গণতন্ত্ৰ মানে কেৱল সংখ্যাগৰিষ্ঠতা নহয়, সকলোৰে সুকীয়া সুকীয়া ব্যক্তিগত দক্ষতা আছে”

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ‘আজিৰ সময়ত সকলোৰে সুকীয়া সুকীয়া দক্ষতা আছে । তেনে ক্ষেত্ৰত এজনে আনজনৰ লগত কেতিয়াও তুলনা কৰিব নালাগে । অপ্ৰিয় যদিও এই ক্ষেত্ৰত মহিলাসকল কিছু আগবঢ়া । কিন্তু সকলোৰে দক্ষতা আছে, মাথোঁ দক্ষতাৰ ক্ষেত্ৰখন বেলেগ হ’ব পাৰে ।’ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ আইন বিভাগৰ অধ্যাপিকা ড° পল্লৱী দেৱীয়ে চিনামৰা মহাবিদ্যালয়ত স্বাধীনতা সংগ্ৰামী,শিক্ষাব্ৰতী মহিলা কুন্তেশ্বৰী দত্ত স্মাৰক ৰাজ্যিক বঁ‌টা গ্ৰহণ কৰি এইদৰে কয় । তেওঁ লগতে কয়- কিছুমান বিষয়ত মহিলাসকলে বহলভাৱে চিন্তা কৰিব লাগিব । সমাজখনে নীতি নিয়ম নবনায়- সমাজত থকা লোকসকলেহে নীতি নিয়ম বনায় । সেয়েহে কিছুমান বিষয় এৰা ধৰা কৰিব পাৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বঁ‌টাপ্ৰাপক ড° পল্লৱী দেৱীয়ে । তেখেতে প্ৰসংগক্ৰমে ভাৰতবৰ্ষৰ ইতিহাস ডাঙি ধৰি- বহুত্ববাদ আৰু বৈচিত্ৰ্যবাদে সমগ্ৰ ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাক ধৰি ৰাখিব পাৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে । দেশৰ স্বাধীনতা কেৱল ৰাজনৈতিক বিষয়েই নাছিল, সেয়া এক সামাজিক বিষয়ো আছিল , যি কথা স্বাধীনতা সংগ্ৰামীসকলে পৰৱৰ্তীসময়ত প্ৰমাণ কৰি থৈ গৈছে বুলিও লগতে উল্লেখ কৰি কয়- স্বাধীনতা যুঁজত মহিলাসকলৰো যথেষ্ট অৱদান আছিল । ইফালে কেৱল সংখ্যাগৰিষ্ঠতা মানেই গণতন্ত্ৰ নহয় বুলিও তেওঁ লগতে মন্তব্য প্ৰকাশ কৰে । যোৰহাট জিলাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° পল্লৱী দেৱীক স্বাধীনতা সংগ্ৰামী, শিক্ষাব্ৰতী মহিলা কুন্তেশ্বৰী দত্ত সোঁ‌ৱৰণী ৰাজ্যিক বঁ‌টা প্ৰদান কৰা হয় । এই বঁ‌টাৰ সৈতে গামোচা, এটি সুদৃশ্য স্মাৰক, প্ৰশস্তি পত্ৰ, গ্ৰন্থৰ টোপোলা, মেডেল, চ্যাটিন সহ কেবাটাও সামগ্ৰী প্ৰদান কৰা হয় । মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° কবিতা ৰাজগুৰুৱে ড° পল্লৱী দেৱীক এই বঁ‌টা প্ৰদান কৰি কয়- নাৰীয়েই নাৰীৰ শত্ৰু বুলি উল্লেখ কৰে । নিজৰ নাৰ্য্য বিষয়ত নাৰীসকলে সদায় মাত মাতি যাব লাগে বুলি লগতে মন্তব্য কৰে । আনহাতে, চন্দ্ৰপ্ৰভা দত্ত সোঁ‌ৱৰণী বিশেষ সন্মান এইবাৰ যোৰহাটৰ বিশিষ্টা লেখিকা তথা শিক্ষয়িত্ৰী ৰুবী বৰা বৰদলৈক আৰু লাৱণ্য শইকীয়া সোঁ‌ৱৰণী বিশেষ সন্মান যোৰহাটৰ উদ্যোগী মহিলা, শিপিনী কাৱেৰী ফুকন গগৈক প্ৰদান কৰে ক্ৰমে মৰিয়নিৰ দিব্যজ্যোতি শইকীয়া আৰু গুৱাহাটীৰ সাংস্কৃতিক কৰ্মী, যুৱ সাংবাদিক হৃষিকেশ ভট্টাচাৰ্য্যই । এই বঁ‌টাত প্ৰশস্তি পত্ৰ, স্মাৰক, কিতাপৰ টোপোলা, চ্যাটিন আদি প্ৰদান কৰা হয় । বঁ‌টা গ্ৰহণ কৰি দুয়োগৰাকী বঁ‌টা প্ৰাপক ৰুবী বৰা বৰদলৈ আৰু কাৱেৰী ফুকন গগৈৰ লগতে বঁ‌টা প্ৰদান কৰোতা হৃষিকেশ ভট্টাচাৰ্য্যই সাৱলীল বক্তব্য ডাঙি ধৰে । ৰুবী বৰা বৰদলৈয়ে কয় লিংগ বৈষম্য যদি ক’ৰবাত আছে তাক আমি নিজেই শেষ কৰিব লাগিব । তেওঁ লগতে লিংগ বৈষম্যক মহিলাসকলে নিজেইহে মানি লৈছে বুলিও উল্লেখ কৰে । ‘ অমুক নকৰিবা, অমুকলৈ নাযাবা’ আদি কথাবোৰেই এইবোৰ মানি লোৱা হৈছে নেকি বুলিও তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে । সমাজখনে বেয়া পাব বুলি আমি বহু কাম নকৰাকে থাকো, কিন্তু এই সমাজৰে আধা অংশ নাৰীসকল বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য ডাঙি ধৰে । আনহাতে, কাৱেৰী ফুকন গগৈয়ে নিজৰ প্ৰসংগ উল্লেখ কৰি মহিলাসকলে নিজকে কিদৰে প্ৰতিস্থিত কৰিব পাৰি সেই সম্পৰ্কে উল্লেখ কৰে । সাংস্কৃতিক কৰ্মী হৃষিকেশ ভট্টাচাৰ্য্যই চিনামৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন মাধ্যমত অভিনয় আদিৰ সুযোগ দিব বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰে । পৰিচালনা সমিতিৰ সভাপতি ড° বীণাপাণি দেৱীৰ পৌৰোহিত্যত অনুষ্ঠিত মনোগ্ৰাহী বঁ‌টা প্ৰদান অনুষ্ঠানৰ আঁ‌ত ধৰে চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই । আনহাতে, মহিলা কোষৰ সভানেত্ৰী অধ্যাপিকা দীপশিখা দত্তই আদৰণি ভাষন প্ৰদান কৰা সভাখনত সন্মানিত অতিথি হিচাপে উপস্থিত থাকি চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ আনন্দ শইকীয়াই বক্তব্য ডাঙি ধৰে । ইয়াৰ পূৰ্বে উদ্যোগী মহিলা চম্পাৱতী শইকীয়াই কুন্তেশ্বৰী দত্ত, চন্দ্ৰপ্ৰভা দত্ত আৰু লাৱণ্য শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি দিনটোৰ কাৰ্য্যসূচী মুকলি কৰে । আনহাতে, চিনামৰা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী বিপ্লৱী বৰা, সৰস্বতী বৰা আৰু পৰশপ্ৰতীম ভৰালীয়ে বৰগীত পৰিবেশন কৰি অনুষ্ঠানৰ মূল কাৰ্য্যসূচী মুকলি কৰে । এই অনুষ্ঠানতে মহিলা কোষৰ সংবিধান উন্মোচন কৰি দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা বীণাপাণি গোস্বামীয়ে সুন্দৰ বক্তব্য প্ৰদান কৰে । অনুষ্ঠানটোত কুন্তেশ্বৰী দত্তৰ কন্যা, ‘শিশু মহীয়ান’, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পুতলী হাজৰিকাৰ লিখিত ভাষন পাঠ কৰা হয় । অধ্যাপিকা ড° সবিতা নাথে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত শ্বিলঙৰ ইংলিছ এণ্ড ফ’ৰেইন লেংগুৱেজ ইউনিভাৰ্চিটিৰ অধ্যাপক ড° অলংকাৰ কৌশিক, বঁ‌টাৰ দাতা পৰিয়ালৰ লৱ কুমাৰ দত্ত, সঞ্জীৱ কুমাৰ দত্ত, বাখৰ দত্ত, অধ্যাপিকা দীপশিখা দত্ত, অধ্যাপক তৰুন শইকীয়া আদি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে, কুন্তেশ্বৰী দত্ত বঁ‌টা প্ৰাপক ড° পল্লৱী দেৱীক মহাবিদ্যালয় শিক্ষক গোট, কৰ্মচাৰী গোট, ৰ’দালি সভা, ছাত্ৰ একতা সভা, এন চি চি গোট, এন এছ এছ গোট, গ্ৰীণ এণ্ড ইক’ ক্লাৱ, প্ৰাক্তন ছাত্ৰ সন্মিলন আদি কুৰিৰো অধিক অনুষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে । জাতীয় সংগীত পৰিবেশনেৰে কাৰ্য্যসূচীৰ সামৰণি মৰা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like