মানসিক সমস্যা দূৰ কৰে ফাঁকুৱাই
বিশেষ বাৰ্তা, ১৬ মাৰ্চঃ সন্মুখত দৌল উৎসৱ। বসন্ত উৎসৱত ৰং খেলিবলৈ বহুতেই উৎসুক হৈ আছে। ৰং খেলা সাময়িক উল্লাস নহয়, দৌল উৎসৱৰ ৰঙে ভালে ৰাখে মানসিক স্বাস্থ্যও। এই কথা কৈছে একাংশ বিশেষজ্ঞই। কেনেদৰে চাওঁ আহক-
মানসিক চাপ কমায়: ফাকুৱাত ৰং খেলিলে প্রাত্যহিক দুঃশ্চিন্তাৰ বিষয়বোৰৰ পৰা ক্ষণিকৰ বাবে হ’লেও মুক্তি পোৱা যায়। আপাত দৃষ্টিত সামান্য কথা বুলি ভবা হ’লেও এই বিষয়টোৱে মানসিক স্বাস্থ্যত সঞ্জীৱনীৰ কাম কৰে। যিসকলে ‘মুড চুইং’ত ভুগিছে, তেওঁলোকৰ বাবে বৰ উপকাৰী হ’ব পাৰে দৌলৰ হুলস্থূলীয়া পৰিৱেশ।
একাকীত্ব দূৰ কৰে: প্রাত্যহিক জীৱনৰ ব্যস্ততাৰ বাবে বহু কাষৰ মানুহৰ সৈতে দূৰত্ব আহি পৰে। যিয়ে মানসিক চাপ বঢ়াব পাৰে। একেলগে ৰং খেলিবলৈ একত্রিত হোৱাৰ ফলত পাৰস্পৰিক কথোপকথন আৰু ভাৱনাৰ আদান-প্রদান হয়। দূৰ হ’ব পাৰে একাকীত্ব।
হৰমনৰ উন্নতি: আন যিকোনো আনন্দৰ উৎসৱৰ দৰে দৌল উৎসৱত মচগুল হ’লেও মস্তিষ্কৰ পৰা অক্সিটচিনৰ দৰে একাধিক হৰমনৰ ক্ষৰণ বৃদ্ধি পায়। এই হৰমনবোৰে আনন্দৰ অনুভূতি তৈয়াৰত সহায় কৰে। মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ এই হৰমনবোৰ অত্যন্ত জৰুৰী।
কালাৰ থেৰাপী: ভিন্ন ৰং কেৱল দেখিবলৈয়ে ভাল লগা, তেনেকুৱা নহয়, মানসিক তথা শাৰীৰিক অনুভূতিৰ সৈতেও ৰঙৰ যোগ অত্যন্ত গভীৰ। যিদৰে ৰঙা ৰঙৰ প্রভাৱত মানসিক স্থিৰতা বৃদ্ধি পায়, নীলা ৰঙে সহায় কৰে যোগাযোগ বৃদ্ধি আৰু কথোপকথনত। আকৌ সেউজীয়া বা হালধীয়াৰ দৰে ৰং দৃষ্টি শক্তি ভালে ৰখাত সহায় কৰে। অনেক ক্ষেত্রত মানসিক ৰোগীৰ বৌদ্ধিক বিকাশত ‘কালাৰ থেৰাপী’ ব্যৱহাৰ কৰা হয়। দৌলৰ ৰং কার্যতঃ সেই পদ্ধতিৰই ব্যৱহাৰিক ৰূপ।