কামপুৰৰ বিষ্ণুপুৰী থানৰ অতিথিশালাৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ আজি কামপুৰৰ ঐতিহাসিক বিষ্ণুপুৰী থানৰ অতিথি শালাৰ শুভাৰম্ভ কৰা হয় । শুভাৰম্ভ কৰে ৰহা সমষ্টিৰ বিধায়ক শশী কান্তু দাসে। উল্লেখ্য যে অসম চৰকাৰৰ ২০১৯-২০ বৰ্ষ অসম দৰ্শন আঁচনিৰ জৰিয়তে দহলাখ টকা ব্যয় সাপেক্ষে এই অতিথিশালাটো নিৰ্মান কৰা হৈছে। আজিৰ এই শুভাৰম্ভ অনুস্থানত বিধায়ক গৰাকীৰ লগতে কামপুৰ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈ উপস্থিত থাকে।ভাষন প্ৰসংগত ৰহাৰ বিধায়ক জনে কামপুৰৰ কপিলীপাৰৰ ঐতিহ্যমণ্ডিত ইতিহাসে নৱপ্ৰজন্মক বহুজ্ঞান দিব বুলি কয়।তেওঁ বিষ্ণুপুৰী থানৰ ঐতিহ্যসমূহক সংৰক্ষিত কৰাৰ লগতে ঠাইখনক জাকত জিলিকা কৰি তোলা হব বুলি জনায়।আজিৰ এই অনুস্থানত উপস্থিত থাকে গৰুবাট মণ্ডল বি জে পিৰ সভাপতি শান্তিৰাম বৰা ;সমাজকৰ্মী দীপ শইকীয়া ;সমাজকৰ্মী লক্ষীকান্তু নাথ আদি ।
প্ৰেৰকঃ কনক হাজৰিকা নগাঁও