নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৰাজনৈতিক ইতিহাসত নতুন অধ্যায়, মন্ত্ৰীসভাত অশ্বিনী ৰায় সৰকাৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিলে ধুবুৰী জিলাৰ একমাত্ৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে। মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে গোলকগঞ্জ সমষ্টিৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত বিজেপি কৰ্মী-সমৰ্থকৰ মাজত দেখা যায় অভূতপূৰ্ব উৎসাহ-উদ্দীপনা।

প্ৰতিকূল বতৰকো নেওচি কালি সন্ধিয়াৰ পৰাই গোলকগঞ্জ সমষ্টিৰ গৌৰীপুৰ চহৰ, গোলকগঞ্জ, হালাকুৰা, আগমনি আদি অঞ্চলত দলীয় কৰ্মী আৰু সমৰ্থকসকলে আতচবাজী ফুটাই, মিঠাই বিতৰণ কৰি আনন্দ-উল্লাসত মতলীয়া হৈ পৰা দেখা যায়। আনকি সমষ্টিটোৰ বহু ঠাইত অবতৰীয়া দীপাৱলীসদৃশ পৰিৱেশ সৃষ্টি হোৱাও পৰিলক্ষিত হয়।

উল্লেখ্য যে ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰীত ধুবুৰী জিলাৰ এটা অংশৰ বিভাজন ঘটাই মানকাচৰ দক্ষিণ শালমাৰা জিলা গঠনৰ পিছত গঠিত বৰ্তমানৰ ধুবুৰী জিলাৰ প্ৰথমগৰাকী মন্ত্ৰী হিচাপে এক বিশেষ সন্মান লাভ কৰিছে অশ্বিনী ৰায় সৰকাৰে। অৱশ্যে, অবিভক্ত ধুবুৰী জিলাৰ ইতিহাসত তেওঁ দ্বিতীয়গৰাকী মন্ত্ৰী।

স্মৰ্তব্য যে ২০০২ চনৰ পৰা ২০০৬ চনৰ ২১ মে’লৈকে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত দক্ষিণ শালমাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সংখ্যালঘু উন্নয়ন আৰু চৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত দক্ষিণ শালমাৰা নামৰ সেই বিধানসভা সমষ্টিটো বৰ্তমানে বিলুপ্তি ঘটিছে। ইপিনে, অশ্বিনী ৰায় সৰকাৰৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিক ধুবুৰী জিলাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে গণ্য কৰা হৈছে।

জিলাখনৰ উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনস্বাৰ্থমূলক আঁচনি ৰূপায়ণত এই পদক্ষেপে নতুন গতি আনিব বুলি বিভিন্ন মহলে আশা প্ৰকাশ কৰিছে আৰু জিলাখনৰ উন্নয়নৰ গতি ত্বৰান্বিত হ’ব বুলিও আশা কৰাৰ সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈও কৃতজ্ঞতা জ্ঞাপন কৰিছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৫ জুন :

You might also like