হোলীৰ গইনাৰে ব্রইলাৰৰ কেজিত ৩২০ টকাকৈ বিক্রী
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ৰাজ্যত পুনৰ সক্রিয় হৈ পৰিছে ছিণ্ডিকেট চক্র৷ ৰাজনৈতিক নেতা আৰু একাংশ অসাধু আৰক্ষী বিষয়াক মেনেজ কৰি ছিণ্ডিকেট চক্রই চলোৱা বৃহৎ কমিছনৰ বজাৰৰ বাবেই পুনৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ব্রইলাৰ মাংসৰ দাম৷ পশ্চিমবংগৰ পৰা ছাগলীয়া আৰু শ্রীৰামপুৰেৰে অসমলৈ অহা প্রতিখন ব্রইলাৰ ট্রাকৰ পৰা ছিণ্ডিকেট বাহিনীয়ে ৩০–৩৫ হাজাৰকৈ টকা সংগ্রহ কৰি অহাৰ ফলতেই ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে ব্রইলাৰ মাংসৰ দাম৷
গুৱাহাটী মহানগৰীৰ উজানবজাৰ, উলুবাৰী, পল্টনবজাৰ, চানমাৰি, গণেশগুৰি, ছয়মাইল, হাতীগাঁও, আদাবাৰী, মালিগাঁও, জালুকবাৰীকে ধৰি অন্যান্য স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে ৰঙৰ উৎসৱ হোলীৰ গইনা লৈ বিগত এসপ্তাহ ধৰি প্রতি কেজি ব্রইলাৰত ৮০ টকাকৈ বৃদ্ধি কৰি ৩২০ টকাত বিক্রী কৰি আহিছে৷ পূর্বতে ড্রেছিং কৰা প্রতি কেজি ব্রইলাৰ সর্বাধিক ২৪০ টকাত বিক্রী কৰিছিল ব্যৱসায়ীসকলে৷ কিন্তু ছিণ্ডিকেট চক্রই প্রতিখন ট্রাকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰি অহাত গুৱাহাটীৰ ব্যৱসায়ীসকলে ব্রইলাৰ মাংসৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিছে৷
ছিণ্ডিকেট বাহিনীৰ বাবেই গুৱাহাটীত ব্রইলাৰ মাংসৰ দাম বৃদ্ধি কৰিছে ব্যৱসায়ীসকলে৷ এই ছিণ্ডিকেট চক্রটোৰ সৈতে গুৱাহাটীৰ কেইবাগৰাকীও ব্যৱসায়ীয়ে গোপন বুজাবুজি ৰক্ষা কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অভিযোগ অনুসৰি, আদাবাৰীৰ ক্ষীৰোদ শইকীয়া আৰু মাছখোৱাৰ হাফিজ নামৰ ব্যৱসায়ী দুজনে ছিণ্ডিকেট চক্রটোৰ সৈতে মিলি গুৱাহাটীত অস্বাভাৱিক হাৰত গোটা ব্রইলাৰৰ দাম বৃদ্ধি কৰিছে৷ ছিণ্ডিকেট বাহিনীক প্রতিখন ট্রাকৰ বিপৰীতে মোটা অংকৰ ধন আদায় দি অহা বুলি প্রচাৰ চলাই ক্ষীৰোদ আৰু হাফিজে প্রতি কেজি গোটা ব্রইলাৰৰ পাইকাৰী মূল্য ১৬৫ৰ পৰা ১৭০ টকাপর্যন্ত নির্ধাৰণ কৰিছে৷ ৫০০ৰ পৰা ৭০০ গ্রাম ওজনৰ ব্রইলাৰ ১৪৫ৰ পৰা ১৫৫ টকা পর্যন্ত বিক্রী কৰিছে৷ সেয়েহে ব্যৱসায়ীসকলে কটা ব্রইলাৰ মাংস ৩০০–৩২০ টকাপর্যন্ত দৰত বিক্রী কৰিছে৷
বিগত এসপ্তাহ ধৰি গুৱাহাটীৰ বজাৰত প্রতি কেজিত ৩০০ৰ পৰা ৩২০ টকাত ব্রইলাৰ মাংস বিক্রী কৰি অহাৰ পিছতো ব্যৱসায়ীসকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষ আৰু মহানগৰ জিলা প্রশাসনে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ জিএমচিৰ নীতি–নির্দেশনা উলংঘাৰে অস্বাস্থ্যকৰ পৰিৱেশত অত্যধিক মূল্যত মাংস বিক্রী কৰি অহা ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷