আই পি এলৰ প্রথম সপ্তাহত নাথাকে বিদেশী তাৰকা
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ অধিকাংশ বিদেশী তাৰকা অবিহনে অহা ২৬ মার্চৰ পৰা আৰম্ভ হ’ব বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল৷ দুবছৰৰ বিৰতিত ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া বহু প্রত্যাশিত প্রতিযোগিতাখনৰ প্রথমটো সপ্তাহত বিদেশী তাৰকাসকলক দেখিবলৈ পোৱা নাযাব৷ ব্যক্তিগত অসুবিধা আৰু জাতীয় দলৰ সৈতে ব্যস্ত থকাৰ বাবে বিদেশৰ অধিকাংশ তাৰকাই এপ্রিলৰ দ্বিতীয় সপ্তাহতহে আই পি এলৰ দলসমূহত যোগ দিয়াৰ কথা আছে৷ ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড, পাকিস্তান বনাম অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকা বনাম বাংলাদেশৰ মাজত চলি থকা আন্তঃৰাষ্ট্রীয় শৃংখলাৰ বাবে এই দেশসমূহৰ তাৰকাসকলে আই পি এলৰ প্রথম সপ্তাহত খেলিব নোৱাৰিব৷
এইসকল তাৰকাৰ ভিতৰত আছে অষ্ট্রেলিয়াৰ গ্লেন মেক্সৱেল, ডেভিদ ৱার্নাৰ, পেট কামিনছ, আৰন ফিনছ, জেছন বেহৰেনড’ফ, জ’ছ হেজলউড, মার্কাছ ষ্টইনিছ, মিচেল মার্শ্ব দক্ষিণ আফ্রিকাৰ কাগিছো ৰাবাডা, কুইণ্টন ডি কক, মার্ক’ জানছেন, এইডেন মার্কৰাম, লুংগি এনগিড়ি, ডেভিদ মিলাৰ ইংলেণ্ডৰ জ’নী বেয়াৰষ্ট’, জোফ্রা আর্চাৰ, মার্ক উড ৱেষ্ট ইণ্ডিজৰ জেছন হল্ডাৰ বাংলাদেশৰ মুস্তাফিজুৰ ৰহমান আদি৷ ইফালে আই পি এলত নতুনকৈ অন্তর্ভুক্ত গুজৰাট টাইটানছ দলে শেহতীয়াকৈ তেওঁলোকৰ অফিচিয়েল জার্ছী মুকলি কৰে৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত জার্ছী মুকলি অনুষ্ঠানত গুজৰাট টাইটানছৰ অধিনায়ক হার্দিক পাণ্ডিয়া, মুখ্য প্রশিক্ষক আশিস নেহৰা, ডাইৰেক্টৰ অৱ ক্রিকেট বিক্রম ছ’লাংকী আৰু বি চি চি আইৰ সচিব জয় শ্বাহ আদি উপস্থিত থাকে৷ অহা ২৮ মার্চত হার্দিক পাণ্ডিয়া নেতৃত্বাধীন দলটোৱে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে প্রথমখন মেচ খেলিব৷