আফগানিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পৰা বাহিৰ বিৰাট কোহলি
ডিজিটেল ডেস্ক, ৪ জুন : আইপিএলৰ ফাইনেলত তেওঁ খেলিছিল অসাধাৰণ ইনিংছ। তেওঁৰ বেটিঙৰ জোৰতেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল। বৰ্তমান ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক অতি বেয়া খবৰ পোহৰলৈ আহিছে। চলিত মাহত আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়াত এক ডাঙৰ আঘাতৰ সমস্যাই দেখা দিছে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলি হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে এই শৃংখলাটোৰ পৰা বাহিৰ হৈছে ।
বিচিচিআইৰ এজন বিষয়াই দিয়া তথ্য অনুসৰি, হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে বিৰাট কোহলিয়ে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক এদিনীয়া মেচৰ ছিৰিজত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেট মহলত স্বাভাৱিকতেই উদ্বেগৰ সৃষ্টি হৈছে। একে সময়তে ৰোহিত শৰ্মাৰ অংশগ্ৰহণক লৈও অনিশ্চয়তা বৃদ্ধি পাইছে, কিয়নো আইপিএলত পোৱা আঘাত সম্পূৰ্ণৰূপে সুস্থ নোহোৱালৈকে তেওঁ খেলপথাৰত নামিব নোৱাৰে।
উল্লেখ্য যে ভাৰত আৰু আফগানিস্তানৰ মাজৰ এই গুৰুত্বপূৰ্ণ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল অহা ১৩ জুনত ধৰমশালাত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত দ্বিতীয়খন এদিনীয়া ১৭ জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন এদিনীয়া ২০ জুনত চেন্নাইত খেলা হ’ব ।
আইপিএলত কোহলি অত্যন্ত ভাল ছন্দত আছিল। ১৬খন খেলত তেওঁ ৬৭৫ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ গড় আছিল ৫৬.২৫ আৰু ষ্ট্ৰাইক ৰেট আছিল প্ৰায় ১৬৬। দেশৰ জাৰ্ছীতো যোৱা বছৰ তেওঁ অসাধাৰণ ফৰ্মত আছিল। ১৩খন ODI খেলত তেওঁ ৬৫১ ৰান কৰিছিল, যাৰ ভিতৰত আছিল তিনিটা শতক আৰু চাৰিটা অৰ্ধশতক।
উল্লেখযোগ্য যে বিৰাট কোহলিয়ে ইতিমধ্যে টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। এতিয়া তেওঁ কেৱল এদিনীয়া ক্ৰিকেটতহে অংশগ্ৰহণ কৰে। সেইবাবে ২০২৭ৰ বিশ্বকাপক লক্ষ্য কৰি প্ৰতিখন ছিৰিজ তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত আফগানিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ ছিৰিজৰ পৰা তেওঁ বাদ পৰাটো কেৱল ভাৰতীয় ক্ৰিকেট দলৰ বাবেই নহয়, কোহলিৰ নিজৰ বাবেও এক ডাঙৰ আঘাত। কিয়নো ইয়াৰ ফলত তেওঁৰ প্ৰস্তুতিৰ সময় আৰু অধিক সীমিত হৈ পৰিল।