নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটাখোলাৰ সমীপৰ মনাইত মুণ্ডা সমাজৰ চাৰণ উৎসৱ

নিয়মীয়া বাৰ্তা, ইটাখোলা, ২১ মাৰ্চঃ অসম মুণ্ডা সমাজৰ অন্তৰ্গত ইটাখোলাৰ সমীপৰ মনাই চাহ বাগিচাত মনাইৰ মুণ্ডা সমাজে দেওবাৰে দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰে চাৰণ উৎসৱ৷ নতুন বছৰক আদৰাৰ উদ্দেশ্যৰেই এই চাৰণ উৎসৱ আয়োজন কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে৷ বিভিন্ন ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে উদযাপন কৰা চাৰণ উৎসৱৰ লগত সংগতি ৰাখি মুণ্ডা সমাজৰ বিভিন্ন কলা-সংস্কৃতিও পৰিবেশন কৰে ৷ উৎসৱত অংশ গ্ৰহণ কৰি চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই কয়- মুণ্ডা সমাজ অসমৰ এক বৃহৎ শক্তিশালী অনুষ্ঠান৷ এই চাৰণ উৎসৱৰ জৰিয়তে মুণ্ডা সমাজে নিজৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাত সফল হৈছে ৷ মুণ্ডা সমাজৰ কৃষ্টি সংস্কৃতি আমি সকলোৱে সন্মান কৰা উচিত বুলি মন্তৱ্য কৰে সভাপতি লক্ষীকান্ত বৰাই ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি।
You might also like