উজনি অসমত বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ধাৰাসাৰ বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
বৰ্তমান ১৬খন জিলা শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট, ডিব্ৰুগড়, ধেমাজি, লক্ষীমপুৰ, শোণিতপুৰ, বিশ্বনাথ, উদালগুৰি, হোজাই, নগাঁও, কামৰূপ, কামৰূপ (মেট্ৰ’), তিনিচুকীয়া আৰু কাৰ্বি আংলঙৰ ৫.৬৪ লাখতকৈ অধিক লোক বানৰ কৱলত পৰিছে।
ASDMA-ৰ তথ্য অনুসৰি, ৪৪টা ৰাজহ চক্ৰৰ ৮৭২খন গাঁও এতিয়াও পানীৰ তলত। লগতে ২৪,২১০ হেক্টৰ কৃষিভূমি জলমগ্ন হৈ থকাৰ ফলত কৃষিখণ্ডত ব্যাপক ক্ষতি হৈছে।
শিৱসাগৰ জিলাই আটাইতকৈ অধিক ক্ষতিৰ সন্মুখীন হৈছে। জিলাখনত ৩.৫৯ লাখতকৈ অধিক লোক বানত প্ৰভাৱিত হৈছে। ইয়াৰ পিছতে যোৰহাটত ৮৭,৬৬২ জন, চৰাইদেউত ৭২,৬৪৬ জন, ডিব্ৰুগড়ত ১৮,৬১৫ জন আৰু গোলাঘাটত ১৬,৭৯৯ জন লোক বানৰ কৱলত আছে।
বানপীড়িত লোকসকলৰ বাবে জিলা প্ৰশাসনে ২৭৩টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। এই শিবিৰসমূহত বৰ্তমান ১.১৪ লাখৰো অধিক লোকে আশ্ৰয় লৈ আছে।
উদ্ধাৰ আৰু সাহায্য অভিযান যুদ্ধকালীন তৎপৰতাৰে চলাই আছে ভাৰতীয় সেনাবাহিনী, ভাৰতীয় বায়ুসেনা, NDRF, SDRF, অসম আৰক্ষী আৰু জিলা প্ৰশাসনে। বানাক্ৰান্ত অঞ্চলৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে খাদ্য, খোৱাপানী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ অব্যাহত আছে।
ইফালে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। সুৰক্ষাৰ স্বাৰ্থত ১৯টা অঞ্চলত সাময়িকভাৱে বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হৈছে। পানবেচা, দিচাংমুখ, বানমুখ, বাঢ়ৈটিং, কাথপাৰ, খাতপথাৰ, আখৈফুটীয়া, ৰজাবাৰী, নাওজান, দিচাংঘাট, চিঙিবিল, বেতবাৰী, কোঁৱৰগাঁও, চেঙেলীবাৰী, চেতিয়া গাঁও, দয়াচাৰিআলি, দগাঁও, নপামচেটিয়া গাঁও আৰু নিমাইজান আদি অঞ্চল এই ব্যৱস্থাৰ আওতাত আছে।
বুধবাৰৰ পুৱাৰে পৰা অব্যাহত ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। আনহাতে বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উজনি অসমৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ২২ জুলাই