নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ফাকুৱাত দুদিনতে ১০ কোটিৰ সুৰা বিক্রী

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ৰঙৰ উৎসৱ ফাকুৱা উদযাপনৰ সময়তে ৰাজ্যত বিক্রী হ’ল অভিলেখসংখ্যক সুৰা৷ ফাকুৱাৰ দুদিনত অর্থাৎ ১৮ আৰু ১৯ মার্চত ৰাজ্যত প্রায় ১০ কোটি টকাৰ সুৰা বিক্রী হৈছে৷ ইয়াৰ ভিতৰত সর্বাধিক সুৰা বিক্রী হৈছে গুৱাহাটী মহানগৰীত৷ যোৱা দুদিনত গুৱাহাটীত বিক্রী হৈছে ৪.৭০ কোটি টকাৰ সুৰা৷ এই কথা সদৰী কৰিছে আবকাৰী বিভাগে৷

উল্লেখ্য যে যিকোনো উৎসৱৰ সময়তে ৰাজ্যত সুৰাৰ বিক্রী অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷ অৱশ্যে বিগত দুটা বছৰ ধৰি ক’ভিডকালীন পৰিস্থিতিৰ বাবে ৰাজ্যত কোনো উৎসৱ উলহ–মালহেৰে আৰু মুক্তভাৱে উদযাপন কৰিবলৈ অনুমতি প্রদান কৰা হোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ ৰাজ্যত ক’ভিডৰ সংক্রমণ যথেষ্ট হ্রাস পোৱাৰ ফলত ৰাজ্যত আৰোপ কৰা সকলো ক’ভিড বিধি প্রত্যাহাৰ কৰা হৈছিল৷ সেইদৰে উৎসৱ–পার্বণ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্রত থকা সীমাবদ্ধতাসমূহ প্রত্যাহাৰ কৰা হৈছে৷ যাৰ পৰিপ্রেক্ষিতত ফাকুৱাৰ সময়ছোৱাত পূর্বৰ দৰে স্বাভাৱিক পৰিস্থিতিত লোকসকল ওলাই আহি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয়৷ অৱশ্যে সুৰাৰ বিক্রীৰ অভিলেখৰ সময়তে ৰাজ্যৰ প্রান্তে প্রান্তে ফাকুৱাৰ দুদিনত দেখা গৈছিল আৰক্ষীৰ তালাচী৷ বিশেষকৈ মহানগৰীৰ প্রান্তে প্রান্তে আৰক্ষীয়ে ব্রেথ এনালাইজাৰ মেচিনেৰে সুৰাপায়ী চালকৰ সন্ধানত ৰাজপথত অভিযান চলোৱা পৰিলক্ষিত হয়৷

You might also like