নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ অনুমতি সত্ত্বেও সমলিংগ বিবাহত বাধা; হতাশ দক্ষিণ আফ্রিকাৰ দুই যুৱতী

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ  দক্ষিণ আফ্রিকাত সমলিংগ বিবাহৰ অনুমতি প্রদান কৰা হৈছে যদিও দুই যুৱতীয়ে আগন্তুক ২০২১ চনত বিবাহপাশত আবদ্ধ হোৱাৰ বাবে বাছি লোৱা এক ঐতিহ্যমণ্ডিত স্থানত তেওঁলোকক এই বিবাহত বাধা প্রদান কৰা ঘটনাক লৈ সমগ্র বিশ্বৰ সমকামী লোকসকলৰ মাজত সৃষ্টি হৈছে প্রতিক্রিয়া৷ কেপটাউনৰ বেল’ফটেব’ছ বিবাহ ভৱনৰ গৰাকীয়ে খ্রীষ্টান বিশ্বাসৰ বাবে এই বিতর্কিত বিবাহ সম্পন্ন হোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিছে৷

স্মর্তব্য যে আফ্রিকাৰ ভিতৰত দক্ষিণ আফ্রিকাই একমাত্র দেশ, যিয়ে সমলিংগ বিবাহত অনুমতি প্রদান কৰিছে৷ কেপটাউনৰ এই বিবাহ ভৱনৰ গৰাকীয়ে দুই যুৱতীয়ে ছাছা লী হীকেছ আৰু মেগান ৱাট্লিঙক বিবাহ সম্পন্ন কৰাৰ ক্ষেত্রত বাধা প্রদান কৰিছে৷ বেল’ফটেব’ছৰ গৰাকীয়ে উল্লেখ কৰিছে যে চৰকাৰে অনুমতি প্রদান কৰিলেও খ্রীষ্টান ধর্মত আঘাত হানিব পৰা কোনো কার্যক তেওঁলোকে মানি নলয়৷ লগে লগে ইউৰোপৰ সমলিংগ লোকৰ কেইবাটাও সংগঠনে ইয়াৰ প্রতিবাদ সাব্যস্ত কৰিছে৷

You might also like