নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্রী কংগ্ৰেছৰ ডি কে শিৱকুমাৰ

ডিজিটেল ডেস্ক, ১ জুন : কর্ণাটকৰ মুখ্যমন্ত্রী হিচাপে নতুন ইনিংছ আৰম্ভ কৰিবলৈ আগবাঢ়িছে ডি কে শিৱকুমাৰে৷ অহা বুধবাৰে তেওঁ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিব৷ কিন্তু শপতগ্রহণৰ পূর্বে দেশজুৰি চর্চা চলিছে কংগ্রেছ নেতাগৰাকীৰ পাহাৰসদৃশ সম্পত্তিক লৈ৷ দেশৰ আটাইতকৈ ধনী বিধায়কসকলৰ তালিকাত তেওঁ আছে তৃতীয় স্থানত৷ কিন্তু শপতগ্রহণৰ পিছত তেওঁ হ’ব দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্রী৷ হাজাৰ কোটিৰো বেছি সম্পত্তি আছে তেওঁৰ৷

যোৱা বছৰ বিধায়কসকলৰ সম্পত্তিৰ বিৱৰণক লৈ সমীক্ষা চলাইছে এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফ’ৰ্মছ নামৰ এটা সংস্থাই৷ তেওঁলোকৰ প্রতিবেদন মতে, দেশৰ আটাইতকৈ ধনী বিধায়কজন হ’ল এআইএডিএমকেৰ লীমা ৰ’জ মার্টিন৷ ৫,৮৬৩ কোটি টকাৰ সম্পত্তি আছে তেওঁৰ৷ দ্বিতীয় স্থানত আছে মুম্বাইৰ ঘাটকোপৰ পূব সমষ্টিৰ বিজেপি বিধায়ক পৰাগ শ্বাহ৷ সকলো মিলি ৩,৪০০ কোটি টকাৰ সম্পত্তি আছে তেওঁৰ৷ শিৱকুমাৰ আছে তৃতীয় স্থানত৷ কংগ্রেছ নেতাগৰাকীৰ সম্পত্তিৰ পৰিমাণ ১,৪১৩ কোটি টকা৷ দেশৰ আন কোনো ৰাজ্যৰ মুখ্যমন্ত্রীৰ হাতত ইমান বিপুল পৰিমাণৰ সম্পত্তি নাই৷

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্রীসকলৰ তালিকাৰ দ্বিতীয় স্থানত আছে অন্ধ্রপ্রদেশৰ চন্দ্রবাবু নাইডু, তেওঁৰ সম্পত্তিৰ পৰিমাণ ৯৩১ কোটি টকা৷ শেহতীয়াকৈ তামিলনাডুৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰা বিজয় থালাপতি আছে এই তালিকাৰ তৃতীয় স্থানত৷ মুঠ ৬৪৮ কোটি টকাৰ সম্পত্তিৰ মালিক এই অভিনেতা–ৰাজনীতিকগৰাকী৷

জানিব পৰা মতে, লুই ভিট, ছানেল, প্রাডা, বাৰবাৰী, গুছিৰ দৰে বিখ্যাত ফেশ্বন ব্রেণ্ডৰ পোছাক পছন্দ কৰে শিৱকুমাৰে৷ তেওঁৰ আলমিৰাত ঠাহ খাই আছে বিভিন্ন দামী দামী ব্রেণ্ডৰ পোছাক৷ নির্বাচনী শপতনামা অনুযায়ী ১৫ বছৰৰ ভিতৰত শিৱকুমাৰৰ সম্পত্তিৰ পৰিমাণ ৭৫.৫ কোটি টকাৰ পৰা বাঢ়ি ১,৪১৩ কোটি টকা হৈছেগৈ৷ কর্ণাটকৰ ভাবী মুখ্যমন্ত্রীগৰাকীৰ দাবী যে উত্তৰাধিকাৰ সূত্রে পোৱা সম্পত্তিৰেই ধনী হৈ উঠিছে তেওঁ৷ কর্ণাটকৰ একাধিক ঠাইৰ লগতে দিল্লীতো আছে শিৱকুমাৰৰ ঘৰ, আছে বহুতো কৃষিভূমিও৷ যোৱা কেইবছৰমানত কর্ণাটকত মাটিৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে৷ তাৰ সৈতে ফেৰ মাৰি বৃদ্ধি পাইছে শিৱকুমাৰৰ সম্পত্তিৰ পাহাৰো৷ উল্লেখ্য যে ৰাজ্যভিত্তিক তালিকাত সম্পত্তিৰ নিৰিখত আটাইতকৈ ধনী হ’ল কর্ণাটক৷ ৰাজ্যখনৰ ২২৩জন বিধায়কৰ হাতত মুঠ ১৪,১৭৯ কোটি টকাৰ সম্পত্তি আছে৷

You might also like