শিলচৰ থানাত অঘটনঃ ছাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা কৰিলে আৰক্ষী বিষয়াই
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : কৰ্তব্যৰত অসম আৰক্ষীৰ এএছআই এজনে তেওঁৰ ছাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা কৰিছে। এএছ আইজনৰ নাম গৌৰ বিধু সিং। শিলচৰ সদৰ থানাত তেওঁ কৰ্তব্যৰত আছিল । জানিব পৰা মতে, নিজৰ চকীত বহি থাকোঁতে তেওঁ ছাৰ্ভিচ ৰিভলভাৰটো উলিয়াই নিজৰ মূৰত গুলী চলায়। উদাৰবন্দ সমষ্টিৰ ময়নাৰবন্দত তেওঁৰ ঘৰ । আবেলি প্ৰায় তিনি মান বজাত শিলচৰ সদৰ থানাত অইন বিষয়াসকলে গুলীচালনাৰ শব্দ শুনিবলৈ পায় আৰু লগে লগে দেখিবলৈ পায় যে সিঙে নিজকে গুলীয়াইছে। পিছত খবৰ পাই কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে শিলচৰ সদৰ থানালৈ আহে আৰু মৃতদেহ উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইপিনে মৃত বিষয়াজনৰ পৰিয়ালৰ সদস্যসকলো আৰক্ষী চকীত উপস্থিত হয় আৰু এএছআই সিঙৰ আকস্মিক মৃত্যুত আশ্চৰ্যান্বিত হয় ।এই বাতৰি লিখালৈ কাছাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। জানিব পৰা মতে, আৰক্ষী বিষয়া গৌৰবিধু সিঙৰ পৰিয়ালত পত্নী, দুই পুত্ৰ আৰু এজনী কন্যা সন্তান আছে।
প্ৰেৰক গৌতম তালুকদাৰ