বৰপেটাত সকলো বিভাগৰ বিষয়াৰ মাজত চৰকাৰী আঁচনিৰ সজাগতা বৃদ্ধিৰ প্ৰয়াসৰ অংশস্বৰূপে অভিনৱ কুইজ প্ৰতিযোগিতা
নিয়মীয়া বাৰ্তা ২১ মাৰ্চ: বৰপেটা জিলা উন্নয়ন সমিতিৰ নিয়মীয়া মাহিলি বৈঠকত বিষয়াসকলৰ মাজত আয়োজিত বিশেষ এক কুইজ প্ৰতিযোগিতাই আজি এই নিয়মীয়া বৈঠক খনক অভিনৱ আৰু বিশেষ কাৰ্যকৰী ৰূপ প্ৰদান কৰে। জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালৰ পৰামৰ্শক্ৰমে প্ৰথমবাৰৰ বাবে আয়োজিত এই কুইজ অনুষ্ঠানৰ জৰিয়তে প্ৰতিটো বিভাগৰ চলিত আঁচনিসমূহৰ সম্পৰ্কত আন বিভাগৰ বিষয়াসকলক প্ৰশ্ন কৰা হয়। জিলাখনত চলিত বিভিন্ন উন্নয়নমূলক আচঁনিসমূহৰ বিষয়ে সকলো বিভাগৰ বিষয়াসকলৰ মাজত সজাগতা বৃদ্ধিৰ লগতে আন্ত:সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে হাতত লোৱা এই অভিনৱ পদক্ষেপৰ ফলত ভালেমান প্ৰয়োজনীয় বিষয় আলোচনাৰ বাবে মুকলি হৈ পৰা দেখা যায়। জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে আতঁধৰা এই কুইজ অনুষ্ঠানত আজি জনস্বাস্থ্য কাৰিকৰী আৰু কৃষি বিভাগৰ আঁচনিৰ বিষয়ে প্ৰশ্ন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, সকলো বিভাগীয় বিষয়াৰ সক্ৰিয় অংশগ্ৰহণেৰে কুইজ প্ৰতিযোগিতা আকৰ্ষণীয় হৈ পৰে। ইয়াৰ লগতে আজিৰ সভাতে কৃষি, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, লোক নিৰ্মাণ, মীন প্ৰমুখ্যে সকলো উন্নয়নী বিভাগৰ কাম-কাজৰ পৰ্যালোচনা চলোৱা হয়। আগবেলা উন্নয়নী বিভাগ সমূহৰ বিষয়ে আলোচনা কৰাৰ অন্তত পিছবেলা ৰাজহ আহৰণকাৰী বিভাগসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে দুয়োখন বৈঠকতে সভাপতিত্ব কৰে।
প্ৰেৰক আফতাব হুছেইন