নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চঃ ডিব্ৰুগড়ত আজি পুৱতিনিশা সংঘটিত হয় এক ভয়ংকৰ তথা বিধ্বংসী অগ্নিকাণ্ড। পুৱতিনিশা প্ৰায় ৩ বজাৰ পৰা চহৰখনৰ মাজমজিয়াৰ বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডত সৰু-বৰ ৩০খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ৫ টা বাসগৃহ ভস্মীভূত হোৱাৰ লগতে প্ৰায় ২৫ কোটি টকাৰ সামগ্ৰী জ্বলি ভস্মীভূত হয়।ডিব্ৰুগড় চহৰৰ মাজমজিয়াত তথা ব্যৱসায়িক প্ৰানকেন্দ্ৰ নতুন বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড পুৱা প্ৰায় ৯ বজাতহে অগ্নিনিৰ্বাপক বাহিনীয়ে কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় যদিও দুপৰীয়া ভাগলৈহে সম্পূৰ্ণ নিৰ্বাপন কৰিবলৈ সক্ষম হয়।এই অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰমে এইচ চি হনুমানবক্স,পায়েল, জগদ্বীশ ক্লথ ষ্টৰ,লিশা ষ্টোৰ, সঞ্জয় ক্লথ ষ্টোৰ,মাৰুতি,সিদ্ধি বিনায়ক,খেমকা এণ্ড কোম্পানী, বেগ কৰ্ণাৰ,চশমাৰ দোকান, মহালক্ষ্মী কাপোৰ দোকান,সুশীলা কাপোৰ দোকান,বিঞ্জৰাজ গিৰধাৰীলাল,জ্বালা প্ৰসাদ, শংকৰলাল মুৰাৰ্কা,শ্যামসুন্দৰ, কানৈ,প্লেনেট নাইন ইন্দিয়া, চিটি শ্ব,ভাটীয়া এণ্ড চনচ,কিডচ পইণ্ট,কৃষ্ণা ক্লথ, পাৰাচ,ইলেক্ট্ৰনিক চলিউশ্বন, গোয়েঙ্কা স্মাৰ্ট,সহ ৩০ খন বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ভস্মীভূত হোৱাৰ লগতে শংকৰলাল মুৰাৰকা, সুৰেশ জৈন,আফ্ৰুছ খান,ফিৰ্দুজ খান,প্ৰকাশ মুৰাৰকাৰ আৱাসগৃহ সম্পূৰ্ণ ভস্মীভূত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত।যাৰ বাবে অগ্নিকাণ্ডৰ ফলত প্ৰায় ২৫ কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি অনুমান কৰা হৈছে।চহৰৰ মাজমজিয়াৰ নতুন বজাৰত প্ৰথমে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যদিও প্ৰকৃত কাৰণ অদ্যাপি সুস্পষ্টকৈ জানিব পৰা হোৱা নাই।বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰথম অৱস্থাতে আহিছিল যদিও যথোপযুক্ত পানী নথকাৰ অভিযোগ উৎথাপিত হৈছে।যাৰ বাবে ইখনৰ পাছত সিখনকৈ বৃহৎ বৃহৎ বৃহত্তম ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়।বিগত দুটা বছৰে ক’ৰোনাৰ বাবে লোকচানৰ সন্মুখীন হৈ অহা ব্যৱসায়ী সকলে বিহুৰ প্ৰাক মুহূৰ্তত বিহু বজাৰৰ বাবে বৃহৎ সংখ্যক কাপোৰৰ লগতে অনান্য সামগ্ৰী মজুত ৰাখিছিল যদিও অগ্নিকাণ্ডৰ ফলত সকলো জ্বলি নিমিষতে চাৰখাৰ হৈ যায়।ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা নাই যদিও ২৫ কোটি হব বুলি অনুমান কৰা হৈছে।এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আৰু বিধ্বংসী আছিল যে ডিব্ৰুগড়ৰ ৫খন অগ্নিনিৰ্বাপক গাড়ীয়ে নিয়ন্ত্ৰণ কৰিব নোৱৰাত উজনিৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে অইল ইণ্ডিয়া,গেছ কোম্পানী,বিচিপি এল,চাবুৱা বায়ুসেনা বাহিনী,মোহনবাৰী বিমানবন্দৰ,ধেমাজি,চিলাপথাৰ,মৰাণ আদিৰ পৰা ১৬ খনকৈ অহা ইখনৰ পাছত সিখন অগ্নিনিৰ্বাপক বাহন আহি পুৱা প্ৰায় ৯ বজাতহে কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।ঘটনা স্থলিত ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু,জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, চক্ৰ বিষয়া(পূব) ঝৰ্ণা পাটগিৰি উপস্থিত থাকি পৰিস্থিতি নিয়ন্ত্ৰণ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে যদিও ব্যৱসায়িক প্ৰাণকেন্দ্ৰ নগৰৰ মাজমজিয়াত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে ব্যৱসায়ী আৰু আৱাসী সকল।আনহাতেদি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ কাষত থাকি ঘটনা বুজ লয়।অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে গুৱাহাটীৰ পৰা পোনে পোনে আহি ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ মত বিনিময় কৰাৰ অন্ততঃ ডিব্ৰুগড়ত ৰাসায়নিক পদাৰ্থযুক্ত দুখন অগ্নিনিৰ্বাপক বাহন ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।যাতে ভৱিষ্যতে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হ’লেও সহজে জুই নিৰ্বাপন কৰিবলৈ সহজ হৈ পৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে আলোচনা কৰা বুলি উল্লেখ কৰি ব্যৱসায়ী তথা ক্ষতিগ্ৰস্ত সকলৰ ক্ষতিপূৰণৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ কথা সদৰী কৰে।আজি পুৱতি নিশা চহৰখনৰ ব্যৱসায়ীক প্ৰানকেন্দ্ৰ নতুন বজাৰত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ প্ৰায় ৭ ঘন্টা লাগিল।

প্ৰেৰক বিভাস দুৱৰা

You might also like