আধাতে বন্ধ কৰিলে স্নাতক মহলাৰ পৰীক্ষাঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টোগলকী কাণ্ড
বিশেষ বাৰ্তা, ২৩মাৰ্চঃ বিতৰ্কই যেন লগ নেৰা হৈছে উজনিৰ অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়। এইবাৰ আকৌ পৰীক্ষাক লৈ বিৰ্তক।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এনে অবিবেচকী কাণ্ডই এতিয়া সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। জানিব পৰা মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত আজি অনুষ্ঠিত হোৱা কলা আৰু বাণিজ্য শাখাৰ স্নাতক তৃতীয় ষান্মাসিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতত চৰম বিসংগতি ধৰা পৰে।প্ৰশ্ন কাকতত তৃতীয় ষান্মাসিকৰ বিষয়ৰ পৰিৱৰ্তে পৰীক্ষা হলত ছাত্র ছাত্ৰীলৈ আহিল চতুৰ্থ ষাণ্মাসিকৰ পাঠ্যক্ৰমৰ কাকত।অনুষ্ঠিত হোৱা তৃতীয় ষান্মাসিকৰ পৰীক্ষাত ‘অসমীয়া সাহিত্যৰ চানেকি’ শীৰ্ষক বিষয়ক প্ৰশ্নকাকতৰ বিপৰীতে চতুৰ্থ ষান্মাসিকৰ ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ শীৰ্ষক বিষয়ৰ প্ৰশ্নকাকত আহিল পৰীক্ষা গৃহলৈ।যাৰ বাবে পৰীক্ষাৰ্থীয়ে মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত পৰীক্ষা দি থকাৰ সময়তে অকস্মাতে বন্ধ কৰি দিব লগা হয় পৰীক্ষা।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এনে টোগলকী কাণ্ডৰ বাবে কেইবাখনো মহাবিদ্যালয়ৰ লগতে ডিব্ৰুগড় নন্দলাল বৰগোহাই চিটি মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ৩৫গৰাকী ছাত্ৰ-ছাত্ৰী আজি পৰীক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হয়।ইতিমধ্যে এই সমগ্ৰ বিষয়টো সম্পৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক পি কে কাকতিয়ে মহাবিদ্যালয়সমূহলৈ জাননী জাৰি কৰি পৰীক্ষা নাকচ কৰা বুলি ঘোষণা কৰা লগতে পৰীক্ষাৰ বাবে পৰৱৰ্তী নতুন দিন ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰে। বিশ্ববিদ্যালয়খনৰ এনে কাণ্ডই স্বাভাৱিকতে সকলোতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
প্ৰেৰক বিভাস দুৱৰা