অসম চুক্তি ৰূপায়ণৰ উপ সমিতিৰ তৃতীয় বৈঠকত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে আছুৰ আলোচনা
অসমৰ ভূমি, সত্ৰ, সংস্কৃতি ৰক্ষা তথা খিলঞ্জীয়া লোকৰ স্বাৰ্থত চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছেঃ মন্ত্ৰী পীযুষ হাজৰীকা
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ আজি খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অসম চুক্তি ৰূপায়ণৰ বাবে গঠন কৰি দিয়া উপ সমিতিৰ তৃতীয়খন বৈঠক অনুস্থিত হয়। অসম চুক্তিৰ দফাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গঠন হোৱা এই উপ সমিতিৰ বৈঠকত আজি চুক্তি খনৰ ৬ নং দফাৰ পুংখানুপুংখ আলোচনা কৰা হয়। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অনুস্থিত আজিৰ এই সভাখনত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা উপ সমিতিৰ সদস্য পীযুষ হাজৰীকাইও অংশ লয়।
বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ পৰা অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ বাবে চৰকাৰে ইতিমধ্যেই গ্ৰহণ কৰা বিভিন্ন আঁচনি তথা কামসমূহৰ বিষয়ে বৃস্তিত উপস্থাপন কৰা হয়। অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিব জি. ডি. ত্ৰিপাঠী তথা বিভাগীয় আন বিষয়াসকল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ তথা আন প্ৰতিনিধিসকল উপস্থিত থকা আজিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত সকলো ধৰণৰ কাম কৰি আছে। বিশেষকৈ অসম চুক্তিত উল্লেখ থকামতে ৰাজ্যখনৰ সত্ৰসমূহ, ভূমি আৰু সংস্কৃতি ৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। অসমে ভাৰতৰ অংগৰাজ্য হিচাপে উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যৰ সমানে সমানে কেন্দ্ৰীয় চৰকাৰৰ সকলো সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত সকলোকে নিশ্চিতি প্ৰদান কৰে।
আনহাতে খিলঞ্জীয়া লোকৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিবই লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে আজিৰ বৈঠকতে অসম চুক্তিৰ ৬ নং দফাত উল্লেখ থকা দুই এটা বিষয় বাদ দি চৰকাৰ আৰু আছু সহমতত থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সহমতত থকা বিষয়খিনিত চৰকাৰে ক্ষীপ্ৰতাৰে কামসমূহ কৰি যাব আৰু যিখিনি বিষয়ত কিছু দ্বিমত আছে সেই বিষয়খিনি পুনৰ পুংখানুপুংখভাৱে আচোচনা কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।