নিষিদ্ধ ফছফৰাছ বোমা ব্যৱহাৰ কৰিছে পুটিনে
বিশেষ বাৰ্তা, ২৫ মাৰ্চঃ ভেকুৱাম বোমাৰ পাছত এইবাৰ ফছফৰাছ বোমা। ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত পুনৰ নিষিদ্ধ অস্ত্র ব্যৱহাৰৰ অভিযোগ উঠিল ৰাছিয়াৰ বিৰুদ্ধে। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে আমেৰিকা নেতৃত্বাধীন সামৰিক জোঁট নাটোৰ সভাত এই অভিযোগ তুলিছে। নাটোৰ সদস্য ৰাষ্ট্ৰৰ প্রতিনিধি সভাত ভিডিঅ’ বক্তৃতাত জেলেনস্কিয়ে কয় যে ‘আজি পুৱা আমাৰ ওপৰত ৰুছ সেনাই ফছফৰাছ বোমা ব্যৱহাৰ কৰিছে। প্রাপ্তবয়স্ক আৰু শিশুসকলক আকৌ হত্যা কৰা হৈছে।’ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ এই অভিযোগত এতিয়ালৈ মুখ খোলা নাই মস্কোৱে। ইয়াৰ আগতে ভলোডিমিৰ জেলেনস্কিয়ে পুটিন চৰকাৰৰ বিৰুদ্ধে ইউক্রেইনৰ যুদ্ধত নিষিদ্ধ ‘ভেকুৱাম বোমা’ব্যৱহাৰৰ অভিযোগ তুলিছিল।