যোগীঘোপাত জিলা স্বাস্থ্য সমিতিৰ পৰিয়াল পৰিকল্পনা মেলা
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু নৌকা স্বাস্থ্য সেৱাৰ সহযোগত আজি যোগীঘোপাৰ কাবাইটাৰী ৩য় খণ্ড (বুঢ়ীৰচৰ)ত পৰিয়াল পৰিকল্পনা মেলা অনুষ্ঠিত হয় । যি সময়ত চৰ চাপৰি অঞ্চলত জনবিষ্ফোৰন হোৱা বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছে তেনে সময়তে উক্ত চৰত পৰিয়াল পৰিকল্পনা মেলা অনুষ্ঠিত কৰি এটা বা দুটা সন্তান থকা ৪০ টা দম্পতীক বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু নৌক স্বাস্থ্য সেৱাৰ সহযোগত এখনি ফুলাম গামোচা , টিফিন বাকচ আৰু কনডম কিটৰে সম্বৰ্ধনা জনোৱা হয় । দুই শতাধিক মহিলা আৰু পুৰুষ অংশগ্ৰহণ কৰা সজাগতা সভাখনত ক্ৰীষ্টিনা এ, কে ঈশ্বৰী( ডিএফ পিচি ,এন এইচ এম ), ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বঙাইগাঁও জিলা মেডিয়া এক্সপাৰ্ট জ্যোতিসা শইকীয়া আৰু বঙাইগাঁও জিলা নৌকা স্বাস্থ্য সেৱাৰ জিলা প্ৰগ্ৰাম বিষয়া, যোগীঘোপাৰ সাংবাদিক মনোৱাৰ হুছেইন উপস্থিত থাকি মহিলাসকলক উদ্দেশ্যে ভাষণ দিয়ে ।
চৰ অঞ্চলত জনসংখ্যা ৰোধ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা বুলি বঙাইগাঁও জিলা নৌকা স্বাস্থ্য সেৱাৰ প্ৰগ্ৰাম বিষয়া মুঞ্জুৰ হুছেইন মণ্ডলে জনাইছে । চৰৰ মহিলা সকল পূৰ্বৰ তুলনাত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত যথেষ্ট সজাগ হোৱা বুলি দাবী কৰি আজি উক্ত লক্ষ্য পৰিয়ালক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই উৎসাহিত কৰা হয় । উক্ত মেলাত নৌকা স্বাস্থ্য সেৱাৰ চিকিৎসক , নাৰ্ছ, বিষয়া সকলে উপস্থিত থাকে ।
প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা