বাক্সাৰ জালাহত বিজেপিৰ মহিলা মৰ্চাৰ সভাত ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকা
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : বাক্সা জিলাৰ জালাহত বিজেপিৰ ককলাবাৰী মণ্ডল কাৰ্যালত আজি ভাৰতীয় জনতা পার্টিৰ বাক্সা জিলা মহিলা মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। বাক্সা জিলা মহিলা মৰ্চাৰ সভানেত্রী সৰলা নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ৰাজ্যসভাৰ নিৰ্বাচন সম্পর্কে কয়, “মুখ্যমন্ত্রীয়ে সকলোকে এক মূখী অৰ্থাৎ সূৰ্য্যমুখী হোৱাৰ বাবে আহ্বান জনাইছে যাতে আমাৰ চাৰিও ফালৰ পৰা সাৰ্বজনীন বিকাশ হয়। সেয়ে মাননীয় মুখ্যমন্ত্রীৰ আহ্বানত ভাৰতীয় জনতা পার্টি আৰু মিত্র জোঁটৰ প্ৰাৰ্থী দুয়োগৰাকীয়ে জয় লাভ কৰি ওলাই আহিব। সকলোৱে বিকাশৰ স্বাৰ্থত আমাৰ প্ৰাৰ্থীকে জয় কৰোৱাব। এইবাৰ অসমৰ বৃহত্বৰ স্বাৰ্থত নিশ্চিত ভাবে সকলোৱে এক গোট হৈ থাকিব। ”
সভাত ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা আশা বৰদলৈ, মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা দিপালী বৰ্মন, ভাৰতীয় জনতা পার্টিৰ বাক্সা জিলা সমিতিৰ সভাপতি শৰৎ শৰ্মাকে ধৰি কেবাগৰাকী নেতৃত্ববহনকাৰীয়ে অংশগ্রহণ কৰে।
প্ৰেৰক —- দিগন্ত দাস , জালাহ