ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকা বন্ধৰ মিশ্ৰিত প্ৰভাৱ
বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ দুদিনীয়া চকা বন্ধৰ কিছু প্ৰভাৱ পৰিছে ঠায়ে ঠায়ে। কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি গ্ৰহণৰ অভিযোগ তুলি আজি আৰু কাইলৈ দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেচনসমূহে। ইয়াৰে অংশ হিচাপে অসম মটৰ শ্ৰমিক সংগঠনে কেইবাটাও দাবীৰে চকাবন্ধ ঘোষণা কৰিছে। চকা বন্ধৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। চকাবন্ধৰ কাৰ্যসূচীৰ বাবে বন্ধ হৈ পৰিছে ৰাজহুৱা বাহনসমূহ। মহানগৰীত পাতলকৈ বাছ চলি আছে যদিও ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত চকাবন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হৈছে। কেইবাঠাইতো বাছৰ অভাৱৰ ফলত যাত্ৰীসকল ষ্ট’পেজতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হৈছে।