নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীৰ নলীগাঁও মণ্ডল সমল কেন্দ্ৰত তিনিদিনীয়াকৈ পৰিচালনা সমিতিৰ অনা-আৱাসিক প্ৰশিক্ষণ সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নলীগাও মণ্ডল সমল কেদ্ৰৰ এলেকাধীন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য/সদস্যাসকলৰ তিনিদিনীয়া অনাৱাসাৱিক প্ৰশিক্ষণ আজি সামৰণি পৰে।সমগ্ৰ শিক্ষা অভিযান মিছনৰ নিৰ্দেশত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰটো যোৱা ২৬ মাৰ্চত আৰম্ভ হৈছিল। নলীগাও ছোৱালী এম ই মাদ্ৰাছাত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰটো যোৱা ২৬ মাৰ্চত পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলীগাও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধানশিক্ষক ৰাইজ উদ্দিন আহমেদে ।তিনিদিনীয়া প্ৰশিক্ষণ শিৱিৰটোত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ সহকাৰী শিক্ষয়িত্ৰী মৰ্জিনা খাতুন আৰু ৫৮৪ নং নলীগাও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পৰাগ কলিতাই। প্ৰশিক্ষণৰ প্ৰথম দিন অৰ্থাৎ যোৱা২৬ মাৰ্চত হঠাৎ পৰিদৰ্শনৰ বাবে উপস্থিতিত হয় জিলা আঁচনি বিষয়া ক্ৰমে সিতাঙ্গ ডেকা আৰু নিৰঞ্জন ওজা।বিষয়া দুগৰাকীয়ে এই প্ৰশিক্ষণৰ উদ্দেশ্য কি তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য/সদস্যাৰ কি দায়িত্ব আৰু কৰ্তব্য থকা সেইবোৰৰ বিষয়ে ভালদৰে বুজাই কয়।সংশ্লিষ্ট বিভাগে নিৰ্ধাৰণ কৰি দৈনিক বিভিন্ন কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰত উত্তৰ নলীগাও বালিকা প্ৰাথমিক বিদ্যালয়, পশ্চিম নলীগাও প্ৰাথমিক বিদ্যালয়, ১৬৩৪ নং উত্তৰ নলীগাও প্ৰাথমিক বিদ্যালয়, নলীগাও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছা, ৫৮৪নং নলীগাও প্ৰাথমিক বিদ্যালয়, ৮১২ নং নলীগাও প্ৰাথমিক বিদ্যালয়, দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু হেলছা গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য/সদস্যাই অংশগ্ৰহণ কৰে। প্ৰতিটো বিদ্যালয়ৰ পৰা ৬জনকৈ মুঠ ৫৪ জনে প্ৰশিক্ষণ লোৱা এই শিৱিৰটোৰ তদাৰক কৰে মণ্ডল কেন্দ্ৰৰ সমন্বয়ক ৰাহুল আমিনে। আনহাতে প্ৰশিক্ষণ শিৱিৰটোৰ দায়িত্বশীল ব্যক্তি হিচাপে থাকে নলীগাও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধানশিক্ষক ৰাইজ উদ্দিন আহমদ।প্ৰশিক্ষণ শিৱিৰটোৰ জৰিয়তেই সদস্য/সদস্যাসকলে বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ উন্নতি কৰিবলৈ তেওঁলোকৰ ভূমিকা কি , বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য/সদস্যাসকলে বিদ্যালয়খন কেনেদৰে পৰিচালনা কৰিব লাগে, ছাত্ৰ-ছাত্ৰীক কেনেদৰে বিদ্যালয়মূখী কৰিব পাৰি, সমাজৰ পৰা কেনেদৰে নিৰক্ষৰতা কেনেকৈ আতৰাই সকলোকে কেনেকৈ শিক্ষিত কৰিব পাৰি,বিদ্যালয়ৰ হিচাব হিচাব কেনেদৰে ৰাখিব লাগে, বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলে নিয়মিতভাৱে পাঠদান দিয়ে নে নাই সেইবোৰ কেনেদৰে পৰ্যবেক্ষণ কৰিব লাগে সেইবোৰৰ বিষয়ে সমল ব্যক্তি দুগৰাকীয়ে বিতংকৈ বিতংকৈ পৰ্যালোচনা কৰে।

প্ৰেৰক আফতাব হুছেইন

You might also like