নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুগালেটাৰ খোলাত অসমীয়া সংস্কৃতিৰ লোকবাদ্য অংকন, গীনিজ বুকত নাম আমগুৰিৰ কিশোৰৰ 

নিয়মীয়া বাৰ্তা, আমগুৰি ৩১ মাৰ্চঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ সমীপৰ লালিমছিগাৰ এটি কিশোৰে মুগালেটাৰ খোলাত অসমীয়া সংস্কৃতিৰ  বিভিন্ন লোকবাদ্য অংকন কৰি গীনিজ বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমগুৰি লালিমছিগাৰ ১০ বছৰীয়া কিশোৰ অনুৰাগ গগৈয়ে অসমীয়া সংস্কৃতিৰ লোকবাদ্য  মৃদংগ, খোল, ঢোল, পেঁপা, বাঁহী, হাৰমনিয়াম, নাগাৰা আদি অংকন কৰি গীণিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। কিশোৰগৰাকীয়ে ১০ মিনিটত ২১ টা খোলাত বাদ্যযন্ত্ৰ অংকন কৰি গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ১৪১ নং ঘৰফলীয়া জাপিসজীয়া প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ অনুৰাগ গগৈ অত্যন্ত মেধাসম্পন্ন হোৱাৰ লগতে বৰ্তমানলৈ বিভিন্নক্ষেত্ৰত শতাধিক মানপত্ৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। চিত্ৰ-অংকন, কবিতা আবৃত্তি, খোলবাদন, ঢোলবাদনৰ লগতে বিভিন্ন সাহিত্য প্ৰতিযোগিতাত পাৰদৰ্শী অনুৰাগ গগৈ চৰকাৰী বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিও আগুৱাই যাবলৈ সক্ষম হৈছে। উল্লেখ্য যে অনুৰাগ গগৈয়ে মুগালেটাৰ খোলা, কঁঠালৰ গুটি আৰু নাহৰৰ গুটিতো বিখ্যাত মনিষীৰ চিত্ৰ অংকন কৰি ইতিমধ্যে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে।
You might also like