নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বহল মনৰ মানুহ’ত ঘোচখোৰ কেৰানীৰ স্পষ্টবাদিতা

বিশেষ বাৰ্তা, নগাঁও, ৩১ মাৰ্চঃ বিশ্ব ৰংগমঞ্চ দিৱস উপলক্ষে অবিনশ্বৰ গোষ্ঠীয়ে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ কৰে নাট্যকাৰ প্ৰশান্ত বৰা ৰচিত ‘বহল মনৰ মানুহ’ শীৰ্ষক দীঘল নাটখন। দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত হাস্য-ব্যংগ নাটখনৰ জৰিয়তে নাট্যপ্ৰমীয়ে আমোদ ল’বলৈ সক্ষম হয়৷ নাটকৰ বিষয়বস্তু আছিল ঘোচখোৰ কেৰাণী নিবাৰণ কটকীৰ দুই পুত্ৰ, এজনী কন্যা আৰু সু-গৃহিনীৰ সৈতে এখন সুখৰ সংসাৰ। কন্যা ৰাধাক চাবলৈ কেইবাজনো ল’ৰা আহে। ছোৱালী চাবলৈ ল’ৰা আহিব কাৰণে বিভিন্ন আয়োজন। ঘোচখোৰ যদিও ভিন্ন সামাজিক, সাংস্কৃতিক সংগঠনৰ সভাপতি আৰু মুখ্য উপদেষ্টা নিবাৰণ কটকী কিন্তু স্পষ্টবাদী। এই স্পষ্টবাদী নিবাৰণ কটকীৰ কিন্তু পেট বেয়া ৷ এয়া যেন কদৰ্য সমাজখনৰহে এক ৰিজনী। নাটখনত চঞ্চলমতী জী ৰাধাৰ নৈতিক স্খলন আৰু দুভচীয়া সংস্কৃতিৰ বাহক সৰু পুত্ৰ তুলৰ ক্ৰিয়া কাণ্ডই সমাজৰ এখন বাস্তৱ ছৱি নাট্যকাৰে আঁকিছে। নাট্যকাৰে সহজ, সৰল ঘৰুৱা ভাষাৰে লিখা নাটখনিয়ে দৰ্শকক আমোদ দিয়াৰ চলেৰে নৈতিক স্খলন, অপসংস্কৃতি বা দুভচীয়া সংস্কৃতিৰ গৰাহত পৰা সমাজৰ এচামৰ ছবিখন দাঙি ধৰিছে৷ নাটকখনি পৰিচালনা কৰে দীপক বৰাই। নাটকখনৰ মূল চৰিত্ৰ নিবাৰণ কটকীৰ চৰিত্ৰ ৰূপায়ন কৰে মুহিত বৈৰাগীয়ে৷ সাৱলীল আৰু বলিষ্ঠ অভিনয়ৰে বৈৰাগীয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে আদিৰ পৰা অন্তলৈ। অন্যান্য সকলৰ অভিনয়ো প্ৰশংসনীয়। নাটখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰে দুল( বৰপুত্ৰ) – নেত্ৰকমল বৰা, তুল( সৰুপুত্ৰ) – লক্ষ্যজ্যোতি শইকীয়া, বংশী – দিগন্ত কুমাৰ বৰা, সদানন্দ – মিন্টু কলিতা, ৰূপম – ৰবীন শইকীয়া, আজলী – সুস্মিতা শইকীয়া আৰুৰাধা – তুহিনকন্যা বৰাই। নাটক আৱহ সঙ্গীত – ৰঞ্জন কুমাৰ বৰাৰ, পোহৰ সীমান্ত কলিতা, উৎপল বৰাৰ। দৃশ্যসজ্জা পৰিকল্পনাত সমুদ্ৰ বৰদলৈৰ৷ সম্পাদনত দীপেন দাস, সৰঞ্জাম সুস্মিতা শইকীয়া, লক্ষ্যজ্যোতি শইকীয়া , ৰূপসজ্জাৰ দায়িত্ব আছিল নেত্ৰকমল বৰা, ৰাজেন ফুকন।

You might also like