নগাঁৱত অবিনশ্বৰ গোষ্ঠীয়ে মঞ্চস্থ কৰে “বহল মনৰ মানুহ” শীৰ্ষক নাট
বিশেষ বাৰ্তা, ৩১ মাৰ্চঃ বিশ্ব ৰঙ্গমঞ্চ দিৱস” উপলক্ষে অবিনশ্বৰ গোষ্ঠীয়ে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ কৰে নাট্যকাৰ প্ৰশান্ত বৰা ৰচিত” বহল মনৰ মানুহ” শীৰ্ষক দীঘল নাটখনি। দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত হাস্য ব্যঙ্গ নাট খনৰ জৰিয়তে নাট্যপ্ৰমীয়ে আমোদ লবলৈ সক্ষম হয় ৷ নাটকৰ খনিৰ বিষয় বস্তু আছিল ঘোচখোৰ কেৰাণী নিবাৰণ কটকীৰ দুই পুত্ৰ, এজনী কন্যা আৰু সুগৃহিনীৰ সৈতে এখন সুখৰ সংসাৰ। কন্যা ৰাধাক চাবলৈ কেইবাজনো লৰা আহে। ছোৱালী চাবলৈ ল’ৰা আহিব কাৰনে বিভন্ন আয়োজন। ঘোচখোৰ যদিও ভিন্ন সামাজিক, সাংস্কৃতিক সংগঠনৰ সভাপতি আৰু মূখ্য উপদেষ্টা নিবাৰণ কটকী কিন্তু স্পষ্টবাদী। এই স্পষ্টবাদী নিবাৰণ কটকীৰ কিন্তু পেট বেয়া ৷ এয়া যেন কদৰ্য সমাজখনৰহে এক ৰিজনি। নাট খনিত চঞ্চলমতি জী ৰাধাৰ নৈতিক স্খলন আৰু দুভচীয়া সংস্কৃতিৰ বাহক সৰুপুত্ৰ তুলৰ ক্ৰিয়া কাণ্ডই সমাজৰ এখন বাস্তৱ ছৱি নাটকখনিৰ জৰিয়ত নাট্যকাৰে আঁকিছে । এয়ে নাটখনিৰ মূল উপজীব্য। স্বাৰ্থ সিদ্ধিৰ সময়ত অসংস্কৃতিবান মানুহ কেনেকৈ সংস্কাৰী হ’বলৈ যত্ন কৰে সেই প্ৰতিচ্ছবি দেখা যায় নাটকৰ মূল চৰিত্ৰৰ যোগেদি। ঘৰখনৰ মুৰব্বী হৈ পুত্ৰ-কন্যাৰ দোষ সাধাৰণতে নেদেখা বা গুৰুত্ব নিদিয়াটো সামাজিক বিষয়টো নাটকখনিত উপস্থাপন কৰা হৈছে । ইয়াৰ জৰিয়তে যেতিয়া সমাজৰ ক্ষতি হয় বা নিজৰ ক্ষতি হয় তেতিয়া অনুধাৱন কৰি বাধ্য হৈ খন্তেকৰ বাবে সংস্কাৰী হবলৈ চেষ্টা কৰে অভিভাবকে । নাট্যকাৰে সহজ সৰল ঘৰুৱা ভাষাৰে লিখা নাটখনিয়ে দৰ্শকক আমোদ দিয়াৰ চলেৰে নৈতিক স্খলন, অপসংস্কৃতি বা দুভচীয়া সংস্কৃতিৰ গৰাহত পৰা সমাজৰ এচামৰ ছৱি দাঙি ধৰিছে ৷ নাটকখনি পৰিচালনা কৰে দীপক বৰাই । নাটক খনিৰ মূল চৰিত্ৰ নিবাৰণ কটকীৰ চৰিত্ৰ ৰূপায়ন কৰে মুহিত বৈৰাগীয়ে ৷ সাৱলীল আৰু বলিষ্ঠ অভিনয়ে বৈৰাগীয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে আদিৰ পৰা অন্তলৈ। অন্যান্য সকলৰ অভিনয়ো প্ৰশংসনীয়। নাটখনিৰ অন্যান্য চৰিত্ৰত অভিনয় কৰে দুল( বৰপুত্ৰ) – নেত্ৰকমল বৰা, তুল( সৰুপুত্ৰ) – লক্ষ্যজ্যোতি শইকীয়া, বংশী – দিগন্ত কুমাৰ বৰা, সদানন্দ – মিন্টু কলিতা, ৰূপম – ৰবীন শইকীয়া, আজলী – সুস্মিতা শইকীয়া আৰুৰাধা – তুহিনকন্যা বৰাই। নাটক আৱহ সঙ্গীত – ৰঞ্জন কুমাৰ বৰাৰ,পোহৰ সীমান্ত কলিতা, উৎবল বৰাৰ।দৃশ্যসজ্জা পৰিকল্পনাত সমূদ্ৰ বৰদলৈৰ ৷ সম্পাদনত দীপেন দাস, সৰঞ্জাম সুস্মিতা শইকীয়া, লক্ষ্যজ্যোতি শইকীয়া , ৰূপসজ্জাৰ দায়িত্ব আছিল নেত্ৰকমল বৰা, ৰাজেন ফুকন।
প্ৰেৰক কনক হাজৰিকা