নগাঁও বন বিভাগৰ অভিযানত দুটাকৈ কাঠফলা মিল উৎখাত
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ নগাঁও বন সংমণ্ডল বিষয়াৰ ভাস্কৰ ডেকাৰ নিৰ্দেশ মৰ্মে নগাঁও আঞ্চলিক বন বিষয়া কল্যাণী মালাকাৰৰ নেতৃত্বত আৰু বন পালক প্ৰভাত বৰাৰ সহযোগত যোৱা বন বিভাগৰ এটা অভিযানকাৰী দলে নগাঁও জিলাৰ বেলতলি অঞ্চলত অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে বেলতলি অঞ্চলৰ আব্দুল মতিন আৰু আব্দুল লতিফ নামৰ লোক দুজনে পৃথকে- পৃথকে অবৈধ ভাবে কাঠফলা মিল স্থাপন কৰি দীৰ্ঘদিনৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱহায় অব্যাহত ৰাখিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি বন বিভাগৰ লোকে আজি অভিযান চলাই মিল দুটা উৎখাত কৰাৰ লগতে ইয়াৰ যন্ত্ৰাংশসমূহ নগাঁও বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে। অৱশ্যে বন বিভাগে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। অভিযানৰ সময়ত বন বিভাগৰ লোকে মিল দুটাৰ পৰা কিছু পৰিমাণৰ চোৰাং চেগুন কাঠো জব্দ কৰিবলৈ সক্ষম হয় ।