নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ বিচৰাৰ অভিযোগত ধুবুৰীৰ আগমনি ৰাজহ চক্ৰৰ লাটমণ্ডলক চাকৰিৰ পৰা নিলম্বন জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ জিলাখনৰ আগমনি ৰাজহ চক্ৰৰ এজন লাট মণ্ডলক ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে আজি এক নিৰ্দেশযোগে চাকৰিৰ পৰা নিলম্বন কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, ক্ষীৰোদ চন্দ্ৰ দাস নামৰ আগমনি ৰাজহ চক্ৰৰ লাট মণ্ডলজনৰ বিৰুদ্ধে মিছন বসুন্ধৰাৰ হেল্পলাইনত উৎকোচ বিচৰাৰ অভিযোগ দাখিল হৈছিল৷ এই সন্দৰ্ভত জিলা উপায়ুক্তই অভিযোগকাৰীৰ শুনানি গ্ৰহণ কৰে৷ শুনানিৰ পিছত দেখা যায় যে লাট মণ্ডলজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ যুক্তিযৌক্তিকতা থকাৰ উপৰি বিষয়টোলৈ অধিক তদন্তৰ প্ৰয়োজনীয়তা আছে৷ সেয়ে ৰাজহুৱা স্বাৰ্থত আৰু পৰৱৰ্তী মুক্ত আৰু নিকা তদন্তৰ বাবে লাটমণ্ডলজনক জিলা উপায়ুক্তগৰাকীয়ে আজি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ নিলম্বন কৰাৰ নিৰ্দেশনা জাৰি কৰা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like