নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক নাৰায়ণ ডেকাক ঘোৰাথাল সূৰ্য বটা প্ৰদান কেশৱ-কলা ন্যাসৰ

১ জুনত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোৰাথাল গাঁৱত এটি গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বৰক্ষেত্ৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক নাৰায়ণ ডেকাক ঘোৰাথাল সূৰ্য্য বঁটা প্ৰদান কৰা হয়। বিধায়ক ডেকাৰ যোৱা কেইটা মান বছৰত ঘোৰাথাল গাঁৱত কৰা সমাজ উন্নয়নমূলক কাম কাজৰ বাবে এই বঁটা প্ৰদান কৰা হয় বুলি উল্লেখ কৰে কেশৱ-কলা ন্যাসৰ সম্পাদক ডা° জিন্টু দাসে।

দাসে লগতে উল্লেখ কৰে যে অনাগত দিনবোৰত যিবোৰ ব্যক্তিয়ে ঘোৰাথাল গাঁৱৰ উন্নয়নৰ লগত জড়িত হৈ গাঁওখনৰ উন্নতি সাধন প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব ন্যাসে সেইবোৰ চালিজাৰি চাই এই বঁটা প্ৰদান কৰিব।

উল্লেখ্য যে এই অনুষ্ঠানতে গাঁওখনৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় প্রথম বিভাগত উত্তীৰ্ণ হোৱা কৃতী ৯গৰাকী ছাত্ৰ-ছাত্ৰীক ন্যাসৰ তৰফৰ পৰা কেশৱ-কলা উৎকৰ্ষ বঁটা প্ৰদান কৰা হয়। বঁটাপ্ৰাপ্ত ৯গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে হিয়াশ্ৰী দাস, ছুইটী তালুকদাৰ, নীলোৎপল দাস, কৌশিক দাস, যুগল দাস, মনালিছা দাস, বনস্মিতা দাস, বাস্তৱ দাস।

বঁটা গ্ৰহণ কৰি বিধ্যাক নাৰায়ণ ডেকাই উল্লেখ কৰে যে বঁটা পালে ৰাজহুৱা জীৱনত থকা ব্যক্তিসকলে উৎসাহ পায়। কিন্তু বঁটা গ্ৰহণ কৰাৰ লাগে লগে মানুহজনৰ অনুষ্ঠান বা অঞ্চলটোৰ প্ৰতি দায়িত্ব বৃদ্ধি হয় আৰু তাত বাস কৰা নাগৰিকসকলৰ আশা-আকাংক্ষা বাঢ়ি যায় আৰু তাক প্ৰতিফলন কৰা কামটো বহুত কঠিন হয় পাৰে। ডেকাই ন্যাসৰ লগত জড়িত ব্যক্তিসকলক ধন্যবাদ জনায়। লগতে বঁটাপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অনাগত দিনৰ বাবে শুভেচ্ছা যাচে।

উল্লেখ্য যে কেশৱ-কলা ন্যাস হৈছে এটি স্বেচ্ছাসেৱী অনুষ্ঠান। ই প্ৰয়াত কেশৱ চন্দ্ৰ দাস আৰু প্ৰয়াত কলা ৰাম দাসৰ সোঁৱৰণত গঠিত। প্ৰয়াত কেশৱ দাস এগৰাকী প্ৰতিষ্ঠিত চিকিৎসা কৰ্মী আছিল আৰু ৮০ৰ দশকত সমগ্ৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ চিৰপৰিচিত লগতে তেওঁ ডাক্তৰ হিচাপে জনাজাত আছিল, পেছাগতভাবে তেওঁ এগৰাকী কম্পাউণ্ডৰ আছিল।

সাহিত্য কৰ্মৰ লগেতে তেওঁ সমাজ কল্যাণৰ লগত জড়িত আছিল। কলা ৰাম দাস পেছাগতভাবে এগৰাকী মাছমৰীয়া ব্যক্তি আছিল যদিও সেই সময়ৰ ঘোৰাথল গাঁওখনৰ সামাজিক উন্নয়নৰ লগতে শৈক্ষিক ক্ষেত্ৰখনত গাঁওখনক আগবঢ়াই লৈ যোৱাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, বিশেষকৈ ঘোৰাথাল প্ৰাথমিক বিদ্যালয় স্থাপন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এই সভাত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তেওঁলোক ক্ৰমে ঘোৰাথাল গাঁও উন্নয়ন সমিতিৰ সভাপতি বশিষ্ঠ দাস, ৰাজু ডেকা (সভাপতি বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপি), প্ৰীতম গোস্বামী (মুকলমুৱা আঞ্চলিক পঞ্চয়তৰ সভাপতি), দৌলাশাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত দাস, মুগদি গাঁও পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন, মুগদী আঞ্চলিক পঞ্চায়তৰ সদস্য নৃপেন ডেকা, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যাপক জুলফিকৰ আলী, মুগদি গাঁও পঞ্চায়তৰ সদস্য দাধি বৰ্মন, ঘোৰাথাল গাঁৱৰ প্ৰাক্তন গাঁওপ্ৰধান তৰুণ চন্দ্ৰ দাস, ঘোৰাথাল গাঁও উন্নয়ন সমিতিৰ অৰবিন্দ দাসৰ লগতে এই সভাত প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে।

ডিজিটেল ডেস্ক, ৩ জুন

You might also like