নিয়মীয়া বাৰ্তা, সোণাৰি চাপৰি, ৫ এপ্ৰিলঃ লখিমপুৰ জিলাৰ ঘিলামৰা লোকনিৰ্মাণ বিভাগৰ অধীনৰ সোণাৰি চাপৰি বৰ্ষামুখ পথটোত এজাক বৰষুণতে একাঠু পানী জমা হৈ পৰাত আৱতৰীয়া বানত ককবকাই জীয়াতু ভুগিছে পথচাৰীৰ লগতে বিদ্যালয়সমূহৰ কণ কণ শিক্ষাৰ্থীসকলৰ লগতে ৰোগী, চিকিৎসা কৰ্মী, ব্যৱসায়ী আৰু সাধাৰণ ৰাইজে৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মান কৰা সোণাৰি চাপৰি বৰ্ষামুখ পথটোৰ দুয়োপাৰে সোণাৰি চাপৰিত পুৰ্বাঞ্চল চাপলায়েছ এণ্ড কণ্টেক্টৰচ নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে জাবৰ নিস্কাষণৰ বাবে নলা নিৰ্মাণ কৰাৰ পিছৰে পৰাই পথটোৰ সোণাৰি চাপৰি চাৰিআলিৰ অংশত বিভিষিকা সৃষ্টি কৰে যদিও লোক নিৰ্মাণ বিভাগে কোনোধৰণৰ ব্যৱস্থা নোলোৱাত যমৰ যাতনা ভোগ কৰিব লাগিছে সোণাৰি চাপৰিবাসীৰ লগতে অঞ্চলৰ ৰাইজে৷ বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে চোৱাচিতা (?) কৰি থকাৰ পাছতো নলা নিৰ্মাণকাৰী সংস্থাটোৱে পথটোতকৈ ওখকৈ নলা নিৰ্মাণ কৰাৰ বাবেই বৰষুণৰ পানীখিনি নলালৈ বৈ যাব নোৱাৰাত পথটোতে আবদ্ধ হৈ প্ৰায় এশ মিটাৰ অংশ সামান্য বৰষুণতে জলমগ্ন হৈ আহিছে। বিগত এটা বছৰে লোক নিৰ্মাণ বিভাগে কোনো ব্যৱস্থা নোলোৱাত জন জীৱনলৈকো ভাবুকি কঢ়িয়াই আনিছে৷ আনহাতে উক্ত পথটোৱে মৌ খোৱা, সাপেখাটি, পতীয়া চাপৰি, মা ধোৱা, চাৰিকড়িয়া, বৰ্ষামুখ আদি বৃহত্বৰ অঞ্চলৰ ৰাইজৰ লগতে সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মুহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়, ইন্দিৰা মিৰি ইংলিছ স্কুল, ষ্টাৰ মেমৰিয়েল ইংলিছ স্কুল আদিলৈ যোৱাৰ একমাত্ৰ আৰু অতি ব্যস্ত পথ যদিও পথটোৰ এনে দুৰৱস্থাই শংকিত কৰি তুলিছে জনসাধাৰণক৷ দীৰ্ঘদিন দিন ধৰি মেৰামতি নকৰা আৰু বৰষুণৰ পানী জমা হৈ জলমগ্ন পথ অংশই যানবাহন চলাচল কৰাত সৃষ্টি হোৱা গাত অংশৰ পৰা ৰক্ষা পাবলৈ পথচাৰীয়ে খুটি পুতি এটা বজাৰ কৰিবলৈ অনা মোনা আঁৰি বিপদৰ সংকেত দিব লগা অৱস্থাই গ্ৰাম্য উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে বুলি দাবী জনাই পথটো উপযুক্তভাৱে মেৰামতিৰ দাবী জনাইছে পথচাৰী, শিক্ষাৰ্থীৰ লগতে সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অহা চিকিৎসাকৰ্মীৰ লগতে ৰোগী আৰু সাধাৰণ ৰাইজে ৷