গুৱাহাটী, নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ কৰিমগঞ্জ আৰক্ষীয়ে কালি পুৱাৰে পৰা ১৮ ঘন্টাজোৰা জোৰদাৰ অভিযান চলাই ২.২ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত পুৱতি নিশা ২ বজালৈ চলোৱা হৈছিল এই ড্ৰাগছবিৰোধী অভিযান। কঠোৰ অভিযানৰ অন্ততঃ হাইলাকান্দি কৰিমগঞ্জ সীমান্তৱৰ্তী ৰামকৃষ্ণ আৰক্ষী থানাৰ অন্তৰ্গত ইশানচেৰা এলেকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰি অভিযুক্ত ক্ৰমে নুৰুল ইছলাম (৩০), শ্বাহিদ আহমেদ (২২), হুছেইন আহমেদ খান (৪৭) আৰু জাকিৰ হুছেইন (৩০)ক। লগতে এ এছ ০২ ডি ৫৬২৮ নম্বৰৰ এখন টাটা চুম’ৰ পৰা জব্দকৃত হেৰ’ইনখিনি ১৮ কোটি টকাৰ বুলি অভিযানকাৰী আৰক্ষীয়ে জানিবলৈ দিছে । আৰক্ষীৰ কেইবাজনীয়া দলে গোপনসূত্ৰৰ ভিত্তিত চলোৱা এই সফল অভিযানৰ অন্ততঃ ঘটনাস্থলীত উপস্থিত হৈ সম্পূৰ্ণ পৰিস্থিতি তদাৰক কৰে কৰিমগঞ্জ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই। লক্ষণীয় যে, এইধৰণৰ আইনবিৰোধী ঘটনাৰ অভিযুক্তৰ সৈতে শক্তিশালী চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে চাৰি অভিযুক্তৰ বিৰুদ্ধে আৰ কে থানাৰ ৪০/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি ২২ চি /২৫/২৯ এন ডি পি এচ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে।