নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপৰ জাবৰ আদৰি ল’লে নেকি বিজেপিয়ে! শিশোদিয়াই ক’লে…

বিশেষ বাৰ্তা, ৯ এপ্ৰিলঃ পাঞ্জাবৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ অভূতপূৰ্ব বিজয়ৰ পাছত বিভিন্ন ৰাজ্যত আপৰ ভেটি সৱল কৰাৰ চেষ্টা চলিছে। আপৰ প্ৰতি বহুতৰে দৃষ্টি ঘূৰিছে। তাতেই ভয় খাইছে আনবোৰ ৰাজনৈতিক দলে। বিশেষকৈ দেশৰ শাসনত থকা বিজেপিয়ে আপৰ উত্থানত যথেষ্ট চিন্তিত। তেনে সময়তে এইবাৰ খবৰ আহিছে যে চলিত বৰ্ষৰ নৱেম্বৰত বিধানসভা নিৰ্বাচন হ’বলগীয়া হিমাচল প্ৰদেশত দল সলাই ৰাতিৰ ভিতৰতে বিজেপিত জঁপিয়ালে ৰাজ্যখনৰ আপৰ অধ্যক্ষ অনুপ কেছৰীয়ে। লগতে সংগঠন মহামন্ত্ৰী সতীশ ঠাকুৰ আৰু আন এজন নেতায়ো আপ ত্যাগ কৰি গেৰুৱাবসন পিন্ধিলে। এই কথাই দেশজুৰি ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ইপিনে এই সন্দৰ্ভত মতামত ব্যক্ত কৰি আপ নেতা তথা দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ শিশোদিয়াই ক’লে- যিজনৰ বিৰুদ্ধে আমি তদন্ত আৰম্ভ কৰিলোঁহেঁতেন, যিজনক আমি দলৰ পৰা বহিষ্কাৰ কৰাৰ যো-জা কৰিছিলোঁ তেনে লোকক বিজেপিয়ে আদৰি লৈছে। শিশোদিয়াই পুনৰ উপহাস কৰি কয় যে- যাৰ বিৰুদ্ধে মহিলাৰ প্ৰতি অভব্য আচৰণৰ অভিযোগ উঠিছে তেনে লোকে দলত যোগ দিয়াৰ কথাটো মাজ নিশা ১২ বজাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে সংবাদ মেল পাতি সদৰি কৰিবলগীয়া হৈছে।

You might also like