কাটাৰ বিশ্বকাপত ব্যৱহাৰ কৰা হ’ব পাকিস্তানত তৈয়াৰী বল
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে আন্তর্জাতিক ফুটবলৰ পৰা সম্প্রতি পাকিস্তান নিলম্বিত হ’বলগীয়া হৈছে যদিও এক ইতিবাচক কাৰণত বিশ্ব ফুটবলত শিৰোনামলৈ আহিছে চিৰবৈৰী দেশখন৷ শেহতীয়াভাৱে দেশখন চর্চালৈ অহাৰ কাৰণ হৈছে চলিত বর্ষৰ ২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত ব্যৱহাৰ কৰা হ’ব পাকিস্তানত নির্মিত বল৷ কাটাৰত খেলিবলগীয়া প্রতিযোগিতাখনৰ সূচী কিছুদিন পূর্বে নির্ধাৰণ কৰা হৈছে৷ প্রতিযোগিতাখনত ব্যৱহাৰ কৰিবলগীয়া বলৰ নাম হৈছে আল–ৰিহলা, যাৰ অর্থ ‘যাত্রা’৷ এডিডাছৰ দ্বাৰা তৈয়াৰী এই বল পাকিস্তানৰ শিয়ালকোটস্থিত ‘ফৰৱার্ড স্প’টছ’ নামৰ এটা কোম্পানীত নির্মাণ কৰা হ’ব৷ উল্লেখ্য যে একেৰাহে তৃতীয়বাৰৰ বাবে ‘ফৰৱার্ড স্প’টছ’–এ নির্মাণ কৰা বল বিশ্বকাপত খেলোৱা হ’ব৷ ইয়াৰ পূর্বে ২০১৪ আৰু ২০১৮ৰ বিশ্বকাপতো পাকিস্তানৰ এই কোম্পানীটোৱে বিশ্বকাপৰ বাবে ফুটবল তৈয়াৰ কৰিছিল৷ ‘ফৰৱার্ড স্প’টছ’ৰ পৰিচালন সঞ্চালক হাছান মাছুদে সংবাদ মাধ্যমৰ আগত কয় যে কাটাৰ বিশ্বকাপত ব্যৱহাৰ কৰিবলগীয়া এই ব্রেণ্ড অতিশয় প্রতিক্রিয়াশীল আৰু গতিসম্পন্ন হ’ব৷ তেওঁ লগতে কয় যে কাটাৰ বিশ্বকাপত ৩০০০ ফুটবল ব্যৱহাৰ কৰা হ’ব৷ কিন্তু তেওঁলোকে ইয়াৰ ৰেপ্লিকা বিক্রীৰ লক্ষ্য নির্ধাৰণ কৰিছে আঠ মিলিয়ন৷ বলবোৰৰ ওজন হ’ব ৪২৫ৰ পৰা ৪৪৫ গ্রাম আৰু আকাৰ হ’ব ৬৮.৮ ছেণ্টিমিটাৰৰ পৰা ৬৯.৩ ছেণ্টিমিটাৰ৷