নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়খনৰ কাৰ্ডিঅ’লজী, কাৰ্ডিঅ’ছাৰ্জাৰী, নিউৰ’লজী আৰু নিউৰ’ছাৰ্জাৰী বিভাগৰ বাবে নতুন ভৱনৰ উদ্বোধনৰ দিশত হোৱা অগ্ৰগতিৰ বিষয়ে বুজ লয়। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সেৱাৰ বাবে নিৰ্ধাৰিত সময়ত সুবিধাসমূহ সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে।

ইপিনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযানৰ সময়ত আহত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত, সাংসদ পল্লৱ লোচন দাসো উপস্থিত আছিল।

You might also like