নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ত ‘কাঁচিয়লি’ উন্মোচন

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : দক্ষিণ কামৰূপৰ ছয়গাওঁ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান কৃষ্ণ ৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘কাঁচিয়লি’ যোৱা কালি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ৷ উল্লেখ্য যে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সমবেত সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । এই উন্মোচনী সভাত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ডঃ অভিজিত দেৱ অধিকাৰীয়ে ৷ এই সভাতে কাঁচিয়লি উন্মোচন কৰে জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসে ৷
উল্লেখ্য যে বিশিষ্ট শিল্পী হিমাংশু প্ৰসাদ দাস আৰু প্ৰণামী ভাৰতীক তেখেতসকলৰ চিনেমা তথা নাট্য জগতলৈ অনবদ্য বৰঙনিৰ বাবে বিশেষ সম্বৰ্দ্ধনা আগবঢ়োৱা হয় ৷ এই বিশেষ সভা খনত বিশিষ্ট ব্যক্তি সকল যেনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন পৰিষদৰ বিষয়ববীয়া প্ৰদীপ ফুকন , ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱাল , প্ৰাক্তন অধ্যাপক বানেশ্বৰ দাস, অধ্যাপক কৰিম আলী ,ৰেখামণি ডাকুৱা ,উমানন্দ বৰুৱা ,বৰ্ণালী গোস্বামী,লোহিত ৰাজবংশী ,কবি জুনমনি দাস ,ৰাজনৈতিক নিবন্ধকাৰ চিন্ময় কলিতাকে প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাখনত ছয়গাওঁৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান সকলোকো সম্বৰ্দ্ধনা জনোৱা হয় ৷ এই সভাখন আঁত ধৰে শিক্ষাৰ্থী বনজিত কলিতা আৰু মনজিত শৰ্মাই ৷
প্ৰেৰকঃ বিশ্বজিৎ কলিতা
ছয়গাঁও
You might also like