শুৱালকুছিৰ অশোকাষ্টমীত সপ্ত গোঁসাইক মুগা বস্ত্ৰ পৰিধান
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: বিশ্ব বিখ্যাত শুৱালকুছিৰ মুগা শিল্পৰ মৃত্যু ঘন্টাৰ সময়তে মুগা বস্ত্ৰ তথা শুৱালকুছিৰ বস্ত্ৰৰ অধিক জনপ্ৰিয়তা আৰু চাহিদা বৃদ্ধি ,বজাৰ দখলৰ লক্ষ্য আগত ৰাখি চিকিৎসা বিজ্ঞানী ডাঃ বিকুল দাসৰ নেতৃত্বত কবি কৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয় আৰু বিশ্ব হিন্দু পৰিষদ, হাজো শাখাই এক বৃহৎ আঁচনি গ্ৰহন কৰিছে। আঁচনি মতে ৬ শতিকাত কুমাৰ ভাস্কৰ বৰ্মাৰ সময়ত বিশ্বৰ বৈদিক চিল্ক ৰোডৰ নিৰ্মান কৰা ১৪০ টা হিন্দু মন্দিৰৰ গোঁসাই সমুহক মুগা বস্ত্ৰ পৰিধান কৰোৱা হব। এই বৃহৎ পৰিকল্পনা আচনি খনৰ যোৱা ৯ এপ্ৰিলত শুৱালকুছিৰ অশোকাষ্টমীত শুভাৰম্ভ কৰে।অশোকাষ্টমীৰ দিনা ব্ৰহ্মপুত্ৰত স্নান কৰোৱা সপ্ত গোঁসাই ক্ৰমে শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ, শ্ৰীশ্ৰী কেদাৰ নাথ, শ্ৰীশ্ৰী কামেশ্বৰ, শ্ৰীশ্ৰী ভৃঙ্গেশ্বৰ , শ্ৰীশ্ৰী ধাৰেশ্বৰ, শ্ৰীশ্ৰী সিদ্ধেশ্বৰ আৰু শ্ৰীশ্ৰী গনেশক মুগা বস্ত্ৰ পৰিধান কৰি আচনিখনৰ শুভাৰম্ভ কৰে।
উল্লেখ যে বৈদিক চিল্ক ৰোড কাছগড়কুছিৰ পৰা নেপাল ,ভূটান,বাংলাদেশ,ম্যানমাৰ ,বেংকক ,চীন আদিৰে এটি ৰোড শুৱালকুছিৰ হাটিসত্ৰৰ সমিপৰ তাতীপাৰা চুই যায়।সেই সময়ৰ পৰাই শুৱালকুছিৰ মুগা বস্ত্ৰ ই বিশ্বত সমাদৰ লাভ কৰিছিল। বৰ্তমান মুগাৰ মুল্য বৃদ্ধি ,কেচামালৰ অভাব আদি বিভিন্ন সমস্যাত মুগা শিল্পত মৃত্যু ঘন্টা বাজিছে। এই আঁচনিখনে মুগা বস্ত্ৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগতে বিশ্বৰ বজাৰত অৰ্থনৈতিক ভাবে এক সুকীয়া আসন দখল কৰিব বুলি চিকিৎসা বিজ্ঞানী গৰাকীয়ে জনায়। অশোকাষ্টমীৰ সপ্তবেদীৰ সপ্ত গোসাইক মুগা বস্ত্ৰ পৰিধান কৰি আচনি খনৰ শুভাৰম্ভ কৰে ক্ৰমে অশোকাষ্টমী পৰিচালনা সমিতিৰ সভাপতি শৈলেন শৰ্মা,দীনেশ বৈশ্য,চন্দ্ৰ কান্ত মহন্ত,পৰমেশ্বৰ ঠাকুৰীয়া,সুৰেন কলিতা আৰু ৰাণু কলিতাই। উল্লেখ্য যে আজি সন্ধিয়া পতাকা অৱতৰণৰে অশোকাষ্টমী মেলাৰ সামৰণি পৰে ৷