নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বিষাক্ত কাঠফুলা ভক্ষণ কৰা মাতৃ-পুত্ৰসহ চাৰিজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ সোণাৰিৰ দুৰাকী মহিলা দুটি শিশুসহ মুঠ চাৰিজন বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যুৰ মুখত পৰিছে । মৃত সকলৰ নাম ক্ৰমে ৰিমা কৰ্মকাৰ ( ৩৫ ) তেওঁৰ পুত্ৰ অজয় কর্মকাৰ (১০) ,ছয়নিকা কর্মকাৰ (১২) আৰু জোনাকী প্ৰজা (৩২) বুলি জানিব পৰা গৈছে । উল্লেখ্য যে সোণাৰিৰ পাশ্বৱৰ্তী ২ নং লালতিপথাৰ গাঁৱত যোৱা ৬ এপ্ৰিলত দুটি শিশুসহ ৮ গৰাকী লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰিছিল । পৰৱৰ্তী সময়ত আটাইকে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু যোৱা নিশা চিকিৎসাধীন অৱস্থাতে আক্রান্তসকলৰ এই দুই মহিলা আৰু দুটি শিশুয়ে মৃত্যুক সাৱটি লয় । ইফালে তাতেই চিকিৎসাধীন হৈ থকা বাকী সকলৰো অৱস্থা সংকটজনক আৰু তেওঁলোকে মৃত্যুৰ সৈতে যুজঁ দি থকা বুলি জানিব পৰা গৈছে ।

You might also like