বিহুত সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ অভিযান
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে অসমীয়া নতুন বছৰত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াতৰ বাবে সকলোকে শুভকামনা জনায়৷ তেওঁ কয় যে ব’হাগ অসমীয়া জাতিৰ আয়ুসৰেখা৷ অসমীয়াৰ হাড়ে–হিমজুৱে ব’হাগৰ আনন্দ আৰু আৱেগ বিলীন হৈ আছে৷ সেয়ে এই ৰঙালীত কোনো দুর্ঘটনাই যাতে কাৰো জীৱনলৈ বিপদ মাতি নানে, তাৰ বাবে সদাসচেতন হৈ থাকিবলৈ সকলোকে আহ্বান জনায়৷ ৰঙালীৰ আনন্দ উপভোগৰ নামত সুৰাপান কৰি, তীব্র বেগত গাডী চলাই, ম’বাইলত কথা পাতি নিজৰ লগতে আনৰ জীৱনলৈও যাতে বিপদ মাতি নানে, তাৰবাবে তেওঁ সকলোকে সতর্ক কৰি দিয়ে৷ দুচকীয়া বাহনৰ চালক–আৰোহী উভয়কে হেলমেট আৰু চাৰিচকীয়া বাহনৰ চালকক ছীটবেল্ট পৰিধান কৰিবলৈও বিষয়াগৰাকীয়ে আহ্বান জনায়৷