ধুবুৰীত বহিঃৰাজ্যৰ পৰা আমদানিকৃত যন্ত্ৰচালিত তাঁতশালৰ অসমীয়া গামোচা, মেখেলা-চাদৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অৱশেষত গা লৰিল জিলাখনৰ হস্ততাঁত আৰু বস্তশিল্প বিভাগকে ধৰি জিলা প্ৰশাসনৰ। ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত আজি ধুবুৰী চহৰৰ চকবজাৰস্থিত খুচুৰা আৰু পাইকাৰী কাপোৰৰ দোকানত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত ধুবুৰী জিলা প্ৰশাসনে চলিল অভিযান। হস্ততাঁত সংৰক্ষণ সামগ্ৰী আইন ১৯৮৫ অনুসৰি কেৱল হস্ততাঁত উৎপাদিত গামোচা, মেখেলা চাদৰ আদি সামগ্ৰী বিক্ৰী কৰিব দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তমৰ্মে চলোৱা আজিৰ এই অভিযানত অভিযানকাৰী দলটোৱে জব্দ কৰে দমে দমে বহিঃৰাজ্যৰ যন্ত্ৰচালিত তাঁতশালৰ অসমীয়া গামোছাকে ধৰি মেখেলা-চাদৰ। তাৎপৰ্যপূৰ্ণভাৱে দলটোৰ সন্মুখতে ধুবুৰীৰ এজন কাপোৰ ব্যৱসায়ীয়ে সাধাৰণ মানুহে তাঁতশালৰ গামোচা কিনিব পাৰিব নেকি; অফিচৰ মানুহ আহিয়েই এই গামোচা বিচাৰে জাতীয় দম্ভালি মৰাও দেখা যায়। উল্লেখ্য যে বিগত বহু বছৰৰ পৰাই ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰ–সমাৰ বহিঃৰাজ্যৰ আমদানিকৃত যন্ত্ৰচালিত তাঁতশালৰ অসমীয়া গামোচাকে ধৰি অন্যান্য কাপোৰ মুকলিভাৱে বিক্ৰী হৈ আহিছে যদিও সেয়া লৈ ভ্ৰূক্ষেপ নাছিল সংশ্লিষ্ট চৰকাৰী বিভাগটোৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী