নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 প্ৰাক-বিহুত গীতে-মাতে মুখৰ বাসুগাঁৱৰ গুৰুকুল নেচনেল স্কুল

নিয়মীয়া বাৰ্তা, ১৩এপ্ৰিলঃ অসমৰ বাপতি সাহোন, জাতীয় উৎসৱ ৰঙালী বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলাই থকাৰ মাজতে আজি চিৰাং জিলাৰ বাসুগাঁও চহৰত অৱস্থিত গুৰুকুল নেচনেল স্কুলত প্ৰাক বিহু পালন কৰা হয় । অসমীয়াৰ বিহু, বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগু, বেংগলীৰ পইলা বৈশাখ ইত্যাদি নামাকৰণেৰে পালিত অনুষ্ঠানটিৰ আৰাম্ভণিতে পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় । পতাকা উত্তোলন কৰে স্কুলৰ অধ্যক্ষ বিজিত নাথ আৰু আমন্ত্ৰিত অতিথি সকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয় । ইয়াৰ অন্তত একাদিক্ৰমে বিহু নৃত্য, কোঁচ ৰাজবংশী জনগোষ্ঠীৰ কূশান, কাতিকা, গোৱালিনী, হুদুম, বড়ো জনগোষ্ঠীৰ বাগাৰুম্বা নৃত্যৰ উপৰি কবিতা আবৃত্তি, বিহু, বিষুৱা, বৈশাগু, পইলা বৈশাখৰ ওপৰত সাৱলীল ভাৱে একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে মনোমোহাকৈ ব্যাখ্যা দাঙি ধৰে । বাৰে বাৰে যান্ত্ৰিক বিজুতিৰ মাজেদিও নিয়াৰিকৈ অনুষ্ঠানটি পৰিচালনা কৰে প্ৰিয়াংসী বসুমতাৰী, কংকনা বৰ্মন, সুশান উপাধ্যায়, সীমা ব্ৰহ্ম আদিয়ে । প্ৰবল উচ্ছাস-উদ্দীপনা, আনন্দ-উলাহ, হৰ্ষল্লাসৰ মাজত স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অতিথি-অভিভাৱক সকলোৱে গীতৰ তালে তালে, সুৰে-সুৰে একত্ৰিতভাৱে নাচি-বাগি পৰিবেশটিক অন্য মাত্ৰা প্ৰদান কৰে । সদৌ শেষত অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ সমজুৱা ভাৱে গীতটি পৰিবেশন কৰি কাৰ্য্যসূচী সামৰা হয় ।
প্ৰেৰক ভৃগু মুনি ৰায় 

You might also like