নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ৰঙিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়। ৰঙিয়াৰ পৰা হাজোলৈ ড্ৰাগছ সৰবৰাহ কৰি থকা মুহূৰ্তত হাতে-লোটে গ্ৰেপ্তাৰ হয় হাজোৰ ৰাতুল আলী । ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ডিমু চকত গ্ৰেপ্তাৰ কৰে ৰাতুল আলীক । সৰবৰাহকাৰীজনে এখন স্কুটিৰে লৈ গৈ আছিল লক্ষাধিক টকা মুল্যৰ ড্ৰাগছৰ ৭০ টা কন্টেইনাৰ । ডিমু চকত খাপ পিটি থকা আৰক্ষীয়ে হাতে লোতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীদনক । ধৃত ৰাতুল আলীয়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । ৰাতুলৰ স্বীকাৰোক্তি অনুসৰি হাজোৰ বগা আলীৰ পৰা ৰঙিয়াৰ হাইৱে চকত ক্ৰয় কৰিছিল ১২ গ্ৰাম ওজনৰ ড্ৰাগছখিনি । ধৃত অভিযুক্তজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ডোবক আৰক্ষী চকীত ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like