শুৱালকুছিৰ কালিৰাম কাৰিকৰ হাইস্কুলত শিক্ষাৰ্থীৰ প্ৰাক ৰঙালী বিহু উদযাপন
বিশেষ বাৰ্তা, ১৩ এপ্ৰিলঃ বস্ত্ৰনগৰী শুৱালকুছিৰ আগশাৰীৰ চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান শুৱালকুছি কালিৰাম কাৰিকৰ হাইস্কুলৰ শিক্ষাৰ্থীসকলে আজি বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন কৰে ৷ এই উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী সকলে বিহু গীত পৰিবেশন কৰাৰ লগতে ছাত্ৰীসকলে আকৰ্ষণীয় বিহু ন্ত্য পৰিবেশন কৰি ৰঙালী বিহুক আদৰণি জনোৱাৰ উপৰি পৰিৱেশটো জীপাল কৰি তোলে ৷ বিহু নৃত্যৰ অনুষ্ঠানটি মুকলি কৰে বিদ্যালয়খনৰ অৱসৰী চতুৰ্থবৰ্গৰ কৰ্মচাৰী জ্যোতিষ কলিতাই৷ অনুষ্ঠানটি মুকলি কৰি তেওঁ বিদ্যালয়ৰ এনে কাৰ্যক্ৰমণিকাই ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশতো আগবাঢ়ি যোৱাত সহায়ক হব বুলি দোহাৰে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক দিবাকৰ কলিতাই ৰঙালী বিহুৰ তাৎপৰ্য দাঙি ৰঙালী বিহু প্ৰত্যেক গৰাকী অসমীয়া আয়ুস ৰেখা বুলি উল্লেখ কৰে ৷ অনুস্ঠানত শিক্ষাৰ্থী সকলে মুকলি মনৰে বিহু গীত আৰু বিহু নৃত্য পৰিবেশন কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷
প্ৰেৰক দিলীপ মেধি