নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহিলা ব’হাগত ঢালিগাঁৱত অসম সাহিত্য সভাৰ ‘নিজৰ দিন’ উদযাপন

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিল: অসম সাহিত্য সভাৰ সৌজন্যত তথা ঢালিগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত আজি পহিলা ব’হাগৰ লগত সংগতি ৰাখি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে ‘নিজৰ দিন’ উদযাপন কৰা হয়। পুৱা ৯:৩০ বজাত ঢালিগাঁও শাখা সাহিত্য সভা ভৱন চৌহদত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি অতুল চন্দ্ৰ ৰায়ে।পতাকা উত্তোলনৰ লগে লগে শাখাৰ সদস্য সকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ সংগীতটি পৰিৱেশন কৰে। বন্তি প্ৰজ্জ্বোলন আৰু স্মৃতি তৰ্পন অনুষ্ঠানৰ পাতনি মেলে ক্ৰমে অঞ্চলটোৰ বিশিষ্ঠ নাট্যকাৰ, প্ৰযোজক, অভিনেতা তথা বয়োজ্যষ্ঠ সমাজকৰ্মী দিলীপ কুমাৰ চৌধুৰী আৰু শাখা সাহিত্য সভাৰ উপ সভাপতি কামিনী কান্ত ৰায়ে।
পুৱা ১০:৩০ বজাত শাখা সাহিত্য সভাৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে স্থানীয় আঠ গৰাকী বিশিষ্ঠ ব্যক্তিক ৰাজহুৱা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সম্বৰ্দ্ধনা জ্ঞাপন কৰা ব্যক্তি সকল ক্ৰমে দিলীপ কুমাৰ চৌধুৰী(নাট্যকাৰ,অভিনেতা, সমাজ কৰ্মী) চিৰাং জিলাৰ জ্যেষ্ঠ সংবাদ কৰ্মী তথা নিয়মীয়া বাৰ্তাৰ কাজলগাঁৱৰ সংবাদ দাতা বিপুল কুমাৰ দাস, অধিবক্তা ৰবীন গগৈ, প্ৰাক্তন ছাত্ৰ নেতা, শ্ৰমিক নেতা,সাহিত্য-সংস্কৃতিৰ সাধক তথা ভাৰতীয় তেল নিগমৰ বিষয়া সন্থাৰ বঙাইগাঁও শোধনাগাৰ শাখাৰ সাধাৰণ সম্পাদক মুনিন্দ্ৰ চন্দ্ৰ গোস্বামী,অঞ্চলটোৰ সাহিত্য ক্ষেত্ৰৰ অক্লান্ত কৰ্মী একাদিক্ৰমে ইভা ৰাণী দাস, প্ৰবীন চন্দ্ৰ ভাগৱতী, সুৰেশ ফৌজদাৰ আৰু কমলেশ বৰুৱাক একোখনকৈ বিহুৱান আৰু অসম সাহিত্য সভাৰ ‘ওলগনি পত্ৰ’ প্ৰদান কৰি বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। ওলগনি অনুষ্ঠান পিছত মদন মেধি, দিপ্তী ৰায়, মহিলা দাস প্ৰবীন চন্দ্ৰ ভাগৱতীয়ে স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় শিল্পী সকলে জেং বিহু, ৰাজবংশী লোকনৃত্য, বিহু নৃত্য পৰিৱেশন কৰে। একেটা অনুষ্ঠানত ডাঃ কুমুদ শৰ্মা, বন্দিতা বৰ্মন আৰু ভায়োলিনা সিংহই সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী অনুসৰি সভাপতিৰ চমু বক্তব্য,অসম সংগীত পৰিবেশন আৰু শাখা সম্পাদক ধৰ্মেশ্বৰ দাসৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে।

প্ৰেৰক:বিপুল কুমাৰ দাস

You might also like