নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত গামখাৰুৰ উদ্যোগত ‘ৰঙালী বিহুটি আহিছে চেনাইটি, নেপাতি কেনেকৈ থাকোঁ’ শীর্ষক বিহুৰ কার্যসূচী

নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ পশ্চিম মুম্বাইবাসীৰে গঠিত অসমীয়া মহিলা সংস্থা ‘গামখাৰু’–এ যোৱা ১৭ এপ্রিলত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উদযাপন কৰে ৷ ‘ৰঙালী বিহুটি আহিছে চেনাইটি, নেপাতি কেনেকৈ থাকোঁ’ শীর্ষক বিহুৰ কার্যসূচীৰ বিহুনৃত্য–গীতেৰে মুখৰ হৈ পৰে অনুষ্ঠানটো ৷ আন্ধেৰীত আয়োজন কৰা ৰঙালী বিহুৰ কার্যসূচীত মুম্বাইত বাস কৰা অসমৰ লোকসকলে অংশ লয় ৷ বিশেষকৈ মীৰা সোণোৱাল, ৰীতা শইকীয়া, ৰেখা বৰা, গীতা শর্মা, ৰুমী ডেকা, জ্যোৎস্না শইকীয়া, ইন্দ্রাণী বৈশ্য, অৱন্তিকা দাস, ৰিংকু পাঠক, গীতালি কোঁৱৰ আৰু অসীমা শইকীয়াই পৰম্পৰাগত অসমীয়া সাজ–পোছাকেৰে বিহুৰ কার্যসূচীত অংশ লয়৷

You might also like