নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামদিয়াত “বৰদৈচিলা” শীৰ্ষক বিহু বিশেষ আলোচনী উন্মোচনঃ “একোখন আলোচনীয়ে প্ৰকৃততে একো একোটা অঞ্চলত শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিব পাৰেঃ” দিনমণি ভাণ্ডাৰ কায়স্থ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল: তীৰ্থনগৰী হাজোৰ ৰামদিয়া-বঙালটোলাত কালি নিশা প্ৰায় চাৰে সাত বজাত অনুস্থিত হৈ যায় এক গ্ৰন্থ উন্মোচনী সভা। ৰামদিয়াৰ ভোগৰাম গুনেইবালা স্মৃতি পুথিভঁৰাল প্ৰাঙ্গনত স্মৃতি ন্যাসৰ উদ্যোগত বিহু বিশেষ “বৰদৈচিলা” — শীৰ্ষক আলোচনী এখন উন্মোচন কৰে এমট্টনৰ উপ প্ৰবন্ধক তথা বিশিষ্ট চিন্তাবিদ, সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থই।কায়স্থই “বৰদৈচিলা” শীৰ্ষক আলোচনী উন্মোচন কৰি কয়, গ্ৰ্যামাঞ্চলসমূহত এনেদৰে একো একোখন আলোচনীয়ে প্ৰকৃততে এক শৈক্ষিক বাতাৱৰণ সৃষ্টি কৰিব পাৰে। এচাম নবীন লেখক লেখিকাৰ সৃষ্টিশীল প্ৰতিভা নিৰূপিত কৰাত এনে আলোচনীসমূহে বলিষ্ঠ ভূমিকা লব পাৰিব বিশ্বাস। এনে ক্ষেত্ৰত নবীন লেখক অৰূপ কাকতি আৰু অনিৰুদ্ধ ডেকাৰ যুটীয়া সম্পাদনাত প্ৰকাশ কৰি উলিওৱা এই আলোচনীখনে অঞ্চলটোৰ বৌদ্ধিক দিশত এক সুকীয়া মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে উন্মোচক বিশিষ্ট সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থই।ৰামদিয়া অঞ্চলৰ বিশিষ্ট বিহুৱা দীপক মেধিৰ ঢোলবাদন আৰু বিহু সুৰীয়া গীতৰ জৰিয়তে অনুষ্ঠানটি শুভাৰম্ভ হয়। বিশিষ্ট শিশু সাহিত্যিক তথা শিক্ষক ৰজত চন্দ্ৰ ভৰালীয়ে আঁত ধৰা আৰু মতিৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত গীত পৰিৱেশন কৰে পুলেন ডেকাই। সভাত সুৰজিৎ কুমাৰ দাস, বিষ্ণু পাঠক, অনিৰুদ্ধ ডেকা,ভূপেন পাটোৱাৰীকে ধৰি কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

প্ৰেৰক শ্বাহজাহান ইছলাম

You might also like