নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পঠিওৱা বিহুৰ উপহাৰ বিতৰণ কৰিলে বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষালে

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাৰ ১৩৪জন বিশিষ্ট জেষ্ঠ্য নাগৰিকলৈ বহাগ বিহু উপলক্ষে উপহাৰ প্ৰেৰণ কৰিছে। জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে আজি বৰপেটা চহৰৰ প্ৰসিদ্ধ সংগীতজ্ঞ তথা শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰ, বিশিষ্টা সাহিত্যিক নিৰুপমা মিশ্ৰ আৰু যশস্বী সাহিত্যিক তথা শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰৰ বাসভৱনলৈ গৈ ফুলাম গামোচাৰে শুভেচ্ছা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ উপহাৰ প্ৰদান কৰে। উপায়ুক্তগৰাকীয়ে বৰপেটাৰ সমাজ জীৱনৰ তিনিওগৰাকী বৰেণ্য ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় খা-খবৰো লয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপায়ুক্তগৰাকীক সংগ দিয়ে। এই সম্পৰ্কত সাংবাদিকক জানিবলৈ দি উপায়ুক্ত ভূচালে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলাৰ ১৩৪গৰাকী স্বনামধন্য বয়োজেষ্ঠ্য নাগৰিকলৈ শ্ৰদ্ধা আৰু সেৱা জনাই বহাগ বিহু উপলক্ষে বিশেষ উপহাৰ প্ৰেৰণ কৰিছে। এই উপহাৰ প্ৰদান কৰিবলৈ তেওঁ নিজে কেইবাগৰাকী শ্ৰদ্ধেয় ব্যক্তিৰ ঘৰলৈ যোৱাৰ উপৰিও অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত আৰু চক্ৰ বিষয়াসকলকো ঘৰে ঘৰে গৈ সন্মান সহকাৰে মুখ্যমন্ত্ৰীৰ উপহাৰ অৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। সেই অনুসৰি আজিয়ে অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত‌ই সুন্দৰীদিয়াৰ হৰিহৰ দাসক, অতিৰিক্ত উপায়ুক্ত খনীন্দ্ৰ দাসে সুন্দৰীদিয়াৰ হিৰন্ময়ী দেউৰীক আৰু সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাই মৃদুলা দাসৰ হাতত মুখ্যমন্ত্ৰীৰ উপহাৰ অৰ্পণ কৰে। সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ আৰু নিৰুপমা মিশ্ৰ‌ই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ অভূতপূৰ্ব বুলি অভিহিত কৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰেৰক আফতাব হুছেইন

You might also like