ড০ বিৰুবালা ৰাভাৰ গৃহ গাঁও গোৱালপাৰাৰ ঠাকুৰবিলাত নৱোদয় ক্লাৱৰ সৌজন্যত ৰঙালী বিহু উদযাপন
বিশেষ বাৰ্তা, ২৩ এপ্ৰিল : গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী ঠাকুৰবিলাত এদিনীয়া দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন বাপতিসাহোন ৰঙালী বিহুৰ । কু-সংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহ যুঁজ দি অহা বিশিষ্ট সমাজ সংস্কাৰক মহীৰূহ ড০ বিৰুবালা ৰাভাই বসবাস কৰা ঠাকুৰবিলাৰ ৰাভা, বড়ো , গাৰো , হাজং কোচ, বৰ্মন আদি বিভিন্ন জাতি- জনজাতিৰ সহযোগিতাত অনুস্হিত ৰঙালী বিহু উদযাপনত জাতি-জনজাতিসকলৰ একত্ৰিত ঐক্যতানৰ আনন্দ উল্লাসৰ জোৱাৰ উঠে। চৰকাৰী ভাবে চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে কোনো প্ৰতিস্হিত শিল্পীক আমন্ত্ৰিন কৰি আনিব নোৱাৰিলেও গাঞা ৰাইজৰ সহযোগিতাত ঠাকুৰবিলা নৱদোয় ক্লাৱৰ সৌজন্যত দিনৰ ২ বজাৰ পৰা চেমনীয়া সকলৰ একক নৃত্য, আৰু দলীয় নৃত্য আৰম্ভ কৰা হয়। ইয়াৰ পূৰ্ৱে পুৱা ৮ বজাত বিহু পতাকা উত্তোলনৰে দিনজোৰা কায্যসূচীৰ শুভাৰম্ভৰে কণ কণ লৰা-ছোৱালীৰ মাজত প্ৰতিযোগিতামূলক খেল ধেমালি অনুষ্ঠিত কৰা হয় । নিশা ৯ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানত প্ৰতিযোগিতামূলক বিহু হুঁচৰি, ৰাভা কৃষ্টি, বহু ৰঙীন নৃত্য, ৰাভা আৰু অসমীয়া আধুনিক গীতৰ একক আৰু দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।
প্ৰেৰক লক্ষ্মণ কুমাৰ নাথ