চামগুৰি নৱজ্যোতি মহিলা সমিতিৰ সোণালী জয়ন্তী আৰম্ভঃ অন্তৰংগ অনুষ্ঠান সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ মাজুলী জিলাৰ পূব প্ৰান্তত ১৯৭১ চনত স্থাপিত মহিলাসকলৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান চামগুৰি নৱজ্যোতি মহিলা সমিতিয়ে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী অনুষ্ঠিত কৰিছে । আজি পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণৰ পিছতেই বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে নৱজ্যোতি মহিলা সমিতিৰ উপদেষ্টা মনিৰাম গায়নে আৰু বন্তি প্ৰজ্বলন কৰে প্ৰতিষ্ঠাপক সভানেত্ৰী পুষ্প বৰাই । চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ব্ৰজেন গোস্বামীয়ে ৮.৩০ বজাত ধূপ-বন্তি প্ৰজ্বলনেৰে সৃষ্টি চাৰন অনুষ্ঠান আৰম্ভ কৰাৰ পিছতেই ৯ বজাত উদযাপন সমিতিৰ সভাপতি মুহিন গায়নে সমিতিৰ মূল পতাকা উত্তোলন কৰাৰ লগে লগে সোণালী জয়ন্তী উপলক্ষে ৫০খন পাতাকা উত্তোলন কৰে অঞ্চলটোৰ গন্যমান্য ব্যক্তিসকলে । ১০ বজাত মইনাসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । ১২ বজাৰ পৰা নৱজ্যোতি মহিলা সমিতিৰ প্ৰাক্তন সদস্যা তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পদুমী বৰুৱা মিশ্ৰৰ সঞ্চালনাত প্ৰাক্তন সদস্যা আৰু বৰ্তমানৰ সদস্যাসকলৰ মাজত অনুষ্ঠিত অতৰংগ আলাপ অনুষ্ঠানটি পৰিচালনা কৰে শিক্ষয়িত্ৰী বৰ্নালী বৰা ভূঞাই। মহিলাসমিতিৰ সদস্যাসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অন্তৰংগ আলাপ অনুষ্ঠানটিত প্ৰাক্তন সদস্যা সৰুমাই বৰা, বীণা গোস্বামী ,বীণা শইকীয়া, পলি বৰা, লক্ষীমি গোস্বামী, জ্যোতি বৰুৱা শইকীয়া, বুদ্ধেশ্বৰী বৰুৱা, আৰু মনিকা মহন্ত গোস্বামীয়ে নবজ্যোতি মহিলা সমিতিৰ অতীত ৰোমন্ঠন কৰি বৰ্তমানৰ সদস্যাসকলক নব উদ্যমেৰে কাম কৰি নবজ্যোতি মহিলাসমিতিৰ নাম উজ্জলাবলৈ আহ্বান জনায় । অনুষ্ঠানত জ্যোতিমান হাজৰিকাৰ বড়গীত, স্তুতি শইকীয়া,লক্ষজ্যোতি বৰাৰ জয়ন্ত হাজৰিকাৰ গীত, চামগুৰি প্ৰদীপ মইনা পাৰিজাতৰ হুচৰি বিহু, চামগুৰি নবজ্যোতি মহিলা সমিতিৰ জেং বিহু, সুৰদেউল একাডেমীৰ ছাত্ৰীসকলৰ সাতভনী নৄত্য, ৰাজেন শইকীয়াৰ নেতৃত্বত মিচিং বিহু, কমাৰগাওঁ ৰূপালী মহিলা সমিতিয়ে জেংবিহু, প্ৰদৰ্শন কৰে । সঞ্চালিকাৰ একাষাৰৰ পিছতেই চামগুৰি নবজ্যোতি মহিলা সমিতি সম্পাদিকা ৰেখা বৰা বৰুৱাই শলাগৰ শৰাই আগবঢ়াই । কালিলৈ অন্তিম দিনা পূৱা পৰিবেশ নিকাকৰনৰ পিছতেই ৭বজাত সাংস্কৃতিক শোভাযাত্ৰা,১১ বজাৰ পৰা মুকলি সভা আৰু সন্ধ্যা ৮ বজাৰ পৰা নবজ্যোতি মহিলা সমিতিৰ দ্বাৰা নাট্যকাৰ গনেশ গগৈৰ শকুনিৰ প্ৰতিশোধ ভাওনা অনুষ্ঠিত হব ।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড