নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ বিতর্কৰ আৱৰ্তত হাছিনঃ এইবাৰ সম্পত্তিৰ বিবাদত মহম্মদ ছামিৰ পত্নী

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ পুনৰ বিতর্কৰ মাজত সোমাই পৰিছে মহম্মদ ছামিৰ পত্নী হাছিন জাহান৷ এইবাৰ হাছিনৰ বিৰুদ্ধে অভিযোগ কৰিছে তেওঁৰ পিতৃ মহম্মদ হুছেইনে৷ তেওঁৰ অভিযোগ অনুসৰি ভায়েকৰ সম্পত্তি বলপূর্বক দখল কৰিছে হাছিনে৷ ফলত তেওঁক সম্পত্তিৰ পৰা বহিষ্কাৰ কৰাৰ লগতে তেওঁৰ সৈতে সকলো সম্পর্ক ছিন্ন কৰাৰ ভাবুকি দিছে পিতৃয়ে৷ হুছেইনে জনাইছে যে তেওঁৰ একমাত্র পুত্র তাৰিক পাৰভেজ ওৰফে বান্তিৰ যোৱা বছৰ ক’ৰোনাত মৃত্যু হয়৷ তাৰ পিছতে হাছিনে বে–আইনীভাৱে বলপূর্বক তাৰিকৰ সকলো সম্পত্তি দখল কৰা বুলি পিতৃয়ে অভিযোগ কৰিছে৷ হুছেইনৰ অভিযোগ মতে, তাৰিকৰ দুখন ট্রাক, এখন গাড়ী, মটৰচাইকেল, হোটেল, পেট্র’ল পাম্প, কয়লা খনি দখল কৰিছে হাছিনে৷ আনকি তেওঁৰ সকলো জীৱন বীমাও তেওঁ হস্তগত কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ হুছেইনৰ আইনজীৱীয়ে জনাইছে যে মুছলিম পার্ছনেল ল’ অনুযায়ী পুত্রৰ মৃত্যু হ’লে তেওঁৰ সকলো সম্পত্তিৰ অধিকাৰী হয় পিতৃ৷ কোনো কাৰণতে সেই সম্পত্তি তেওঁৰ ভাই–ভনীয়ে নাপায়৷ হাছিনৰ মাতৃ নাজমা খাতুনে কন্যা হাছিনাৰ বিপক্ষে মাৰধৰৰ অভিযোগো কৰিছে৷ এই বিষয়ে কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰিছে হাছিনৰ পিতৃয়ে৷

You might also like